ৰূপহীহাট কাণ্ডঃ কি প্ৰতিক্ৰিয়া SP আনন্দ মিশ্ৰ আৰু বিধায়ক নুৰুল হুদাৰ?

News18 Assam | News18-Assam
Updated:June 9, 2021, 11:34 PM IST
ৰূপহীহাট কাণ্ডঃ  কি প্ৰতিক্ৰিয়া SP আনন্দ মিশ্ৰ আৰু বিধায়ক নুৰুল হুদাৰ?
আনন্দ মিশ্ৰৰ মতে চলি আছিল ক্ৰিকেটৰ নামত জুৱা, বিধায়ক নুৰুল হুদাই ক'লে এয়া আৰক্ষীৰ বৰ্বৰতা।

আনন্দ মিশ্ৰৰ মতে চলি আছিল ক্ৰিকেটৰ নামত জুৱা, বিধায়ক নুৰুল হুদাই ক'লে এয়া আৰক্ষীৰ বৰ্বৰতা।

  • Share this:

 এজন যুৱকৰ মৃত্যুৰ অভিযোগৰ পাছতে হিংসাত্মক হৈ পৰা নগাঁৱৰ ৰূপহীহাটত উপস্থিত হয়  নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। পৰিস্থিতি সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষক মিশ্ৰই কয়– "ক্ৰিকেটৰ নামত জুৱা চলি থকাৰ খবৰ পাই আৰক্ষীৰ দল তাত উপস্থিত হৈছিল। যুৱকজনৰ মৃত্যু হোৱা ঘটনাত আমিও দুখী, কিন্তু তেওঁলোকে যদি অপৰাধ কৰা নাই, তেনেহ'লে আৰক্ষীক দেখি কিয় পলাইছিল?"


আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে আৰক্ষীক আক্ৰমণ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে। তেওঁ কয়, "আৰক্ষীক আক্ৰমণ কৰা কোনো এজন সাৰি যাব নোৱাৰে। আইন হাতত তুলি লোৱাসকলক কোনো কাৰণতে আমি ক্ষমা নকৰো। আমি অপৰাধীক চিনাক্ত কৰিছো আৰু কঠোৰভাৱে দমন কৰিম।"


আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে যুৱকজনৰ মৃত্যু সন্দৰ্ভতো এয়া অপ্ৰত্যাশিত বুলি উল্লেখ কৰি এই ঘটনাৰ তদন্ত কৰাৰ কথা কয়।



আনহাতে, আজিৰ এই ঘটনাক আৰক্ষীৰ বৰ্বৰতা বুলি অভিহিত কৰি ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই কয়, "যুৱকজনক আৰক্ষীয়ে বৰ্বৰভাৱে কোবাইছিল। সেয়ে যুৱকজনে ভয়ত বিলত জাঁপ দিয়ে। আৰক্ষীয়ে নিজে সামাজিক দূৰত্ব নামানে। কোৰোণাৰ নামত আৰক্ষীয়ে সাধাৰণ ৰাইজক নিৰ্যাতন কৰিছে।"

Published by: Gautam Barman
First published: June 9, 2021, 11:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি