গোপন ৰত্নভাণ্ডাৰ, চৰকাৰী চাকৰি নে মৃত জিয়ৰীক জীয়াই তুলিবলৈ উলংগ পূজা?

কলাইগাঁৱৰ নিজ ঘৰত জঘন্য ঘটনা সংঘটিত কৰা চহৰীয়া দম্পত্তিৰ ভাষ্যত পোহৰলৈ আহিছে ঘটনাৰ ন ন তথ্য

News18-Assam
Updated:July 8, 2019, 3:47 PM IST
গোপন ৰত্নভাণ্ডাৰ, চৰকাৰী চাকৰি নে মৃত জিয়ৰীক জীয়াই তুলিবলৈ উলংগ পূজা?
কলাইগাঁৱৰ নিজ ঘৰত জঘন্য ঘটনা সংঘটিত কৰা চহৰীয়া দম্পত্তিৰ ভাষ্যত পোহৰলৈ আহিছে ঘটনাৰ ন ন তথ্য
News18-Assam
Updated: July 8, 2019, 3:47 PM IST
গুপ্তধনৰ লোভৰ বাবেই কলাইগাঁৱত সংঘটিত হ’ল মানৱ সমাজক লজ্জানত কৰা জঘন্য কাণ্ড। যাদৱ চহৰীয়াৰ পৰিয়ালক ধন–ঐশ্বৰ্যৰে চহকী হোৱাৰ সপোন দেখুৱাইছিল ভণ্ড তান্ত্ৰিকে। লগতে তান্ত্ৰিকে উলংগ হৈ পূজা কৰিলে তেওঁলোকৰ মৃত জিয়াৰী হেমাশ্ৰীয়ে পুণৰ জনম পোৱা আৰু পুত্ৰ পুলকেশক চাকৰি দিয়াৰ প্ৰলুভন দেখুৱাইছিল ভণ্ড তান্ত্ৰিকে। এনেদৰে এতিয়া ঘটনা সন্দৰ্ভত চহৰীয়া পৰিয়ালৰ মুৰব্বী যাদৱ চহৰীয়া আৰু তেওঁৰ পত্নী পুণ্যকান্তি চহৰীয়াই দিয়া ভাষ্যত পোহৰলৈ আহিছে ঘটনাৰ ন ন তথ্য।

‘চামুণ্ডা মাক’ সন্তুষ্ট কৰি মাটিৰ তলত থকা সোণ–গুপ্তধনৰ অধিকাৰী হোৱাৰ সপোন দেখিছিল ‘বিজ্ঞান’ শিক্ষক যাদৱ চহৰীয়াই! তান্ত্ৰিকে দেখুওৱা সপোনক সাৰ্থক কৰিবলৈ ঘৰৰ শিৱ মন্দিৰত উলংগ হৈ পূজা কৰিবলৈ উন্মাদ হৈছিল যাদৱ চহৰীয়াৰ পৰিয়াল। যাদৱ চহৰীয়াৰ ভাষ্য অনুসৰি–‘ তান্ত্ৰিকে এম বি এ ডিগ্ৰীধাৰী পুত্ৰ পুলকেশক ৰত্নভাণ্ডাৰ আৰু জ্যোতিলিংগৰ সন্ধানত মন্দিৰত পূজা অৰ্চনা কৰিবলৈ পৰামৰ্শ দিয়ে। উলংগ হৈ পূজা কৰিলে ‘মা চামুণ্ডা’ সন্তুষ্ট হ’ব বুলি কয়,লগতে তান্ত্ৰিকে কয় যে যদি পৰিয়ালটোৱে উলংগ হৈ পূজা কৰে তেন্তে তেওঁলোকৰ মৃত ভগ্নীক যিয়ে মাৰিছে,সিঁহতেও চহৰীয়াৰৰ ঘৰৰ সন্মুখত উলংগ নৃত্য কৰিব বুলি পতিয়ন নিয়াই।ফলত পুলকেশে মা চামুণ্ডাক সন্তুষ্ট কৰিবলৈ ঘৰৰ আটাইকে উলংগহৈ পূজা কৰিবলৈ বাধ্য কৰাই। কিন্তু যেতিয়া উলংগ হৈ পুলকেশে মন্দিৰটো ভাঙি পেলাবলৈ চেষ্টা কৰে তেতিয়াই পিতৃ যাদৱ চহৰীয়াৰ সন্দেহ হয়, তেওঁ কয় যে মন্দিৰ ভাঙি তান্ত্ৰিকে ধন–সোণ লুট কৰাৰ এক ষড়যন্ত্ৰ কৰে বুলি সন্দেহ কৰে।

শনিবাৰে কলাইগাঁৱত সংঘটিত হোৱা মানৱ সমাজক লজ্জানত কৰা ঘটনাৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিছে ঘটনাৰ মূল অভিযুক্ত যাদৱ চহৰীয়াৰ পত্নী পুণ্যকান্তি চহৰীয়াইও । মাতৃ পুণ্যকান্তি চহৰীয়াই কয় যে তেওঁলোকৰ মৃত জিয়ৰী হেমাশ্ৰীক জীয়াই তুলিবৰ বাবেই এনেদৰে উলংগ হৈ পূজা কৰিছিল পৰিয়ালটোৱে। শুকুৰবাৰে পুৱতি নিশা প্ৰায় তেওঁলোকৰ পুত্ৰ পুলকেশে সেইদিনা তেওঁলোকৰ ঘৰলৈ এক অনন্য শক্তিৰ প্ৰৱেশ ঘটিব বুলি কয়! মৃত কন্যাক আকৌ জিয়াই তুলিবলৈকে সেই শক্তি তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিব বুলি উল্লেখ কৰে পুলকেশে। সেইদিনা দিনৰ ১০.৩০ বজাত শিৱ মন্দিৰত হোৱা পূজাৰ সময়ত তেওঁলোকক বস্ত্ৰ খুলি দিবলৈ কয়, প্ৰথমে তেওঁলোক মান্তি নোহোৱাত ধমক দি হেমাশ্ৰী(মুনু)ক জীয়াই তুলিবলৈ উলংগ হৈ পূজাত বহিবলৈ কয়। পিছত ঘৰৰ চোতালৰ মন্দিৰত স্বামী যাদৱ চহৰীয়া, ভনিয়েক দেৱযানী, জোঁৱাই ৰুক্ম, সৰু ল’ৰাটো সহ আঠজন মানুহ উলংগ হৈ পূজা কৰিবলৈ লয়।

ৰমেশ চহৰীয়া নামৰ তান্ত্ৰিক জনে পুলকেশক চাকৰি দিয়াৰো আশা দিছিল বুলি উল্লেখ কৰে মাতৃ পুণ্যকান্তি চহৰীয়াই। ৰেলৱে’ বিভাগত চাকৰি দিয়াৰ প্ৰলুভন দিয়া ৰমেশে ৰেলৱে’ৰ কোনো মেনেজাৰক যোগাযোগ কৰি ২.৫০ লাখ টকাৰ বিনিময়ত চাকৰি দিয়াৰ কথাও কৈছিল।অপশক্তিৰ পৰা ৰক্ষা পাবলৈ মৃত পুলকেশ চহৰীয়াক তান্ত্ৰিকে দিছিল গাহৰিৰ দাঁত। এনেদৰে বিভিন্ন লোভ প্ৰলুভন দেখুৱাই, তান্ত্ৰিকে পুলকেশৰ মন মগজুত বিশেষ প্ৰভাৱ পেলাইছিল বুলি উল্লেখ কৰে মাতৃগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি