কমতাপুৰৰ প্ৰস্তাৱিত নক্সা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ছোৱাহান আলি সৰকাৰে। বিহাৰ, পশ্চিম বংগ আৰু অসমৰ কিছু অঞ্চল লৈ এখন মেপ ওলাইছে বুলি কয় বিধায়কগৰাকীয়ে। মেপখনত ধুবুৰী, দক্ষিণ শালমাৰা আৰু মানকাছাৰৰ জিলাৰ কিছু অংশ দেখুওৱা হৈছে বুলিও কয় বিধায়ক আব্দুছ ছোৱাহান আলি সৰকাৰে।
অসমৰ এই তিনিখন জিলাৰ জনসাধাৰণে কমতাপুৰত অন্তৰ্ভুক্ত হোৱা কথাটো কেতিয়াও নামানে বুলিও কয় কংগ্ৰেছৰ যুৱ বিধায়কগৰাকীয়ে। সেই অঞ্চলৰ ৰাইজে কমতাপুৰ নিবিচাৰে, তাৰ বিপৰীতে বৰ অসম বিচাৰে বুলি কয় ছোৱাহান আলি সৰকাৰে।
সৰকাৰে কয়- 'আমি অসমৰ পৰা ওলাই নাযাওঁ, ধুবুৰী জিলাৰ গোলকগঞ্জৰ লোক হিচাপে আমি কমতাপুৰ নিবিচাৰোঁ।'' সংবিধানৰ আধাৰত কোচ ৰাজবংশীসকলক আৰু অধিক সা-সুবিধা দিয়ক, আমি ভাল পাম বুলিও কয় বিধায়ক আব্দুছ ছোৱাহান আলি সৰকাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|