মুখ্যপৃষ্ঠা »খবৰ »অসম »BBCৰ ডকুমেণ্টেৰীক লৈ বিধানসভাত সংকল্প প্ৰস্তাৱ, BBCক লৈ উত্তাল সদন 

BBCৰ ডকুমেণ্টেৰীক লৈ বিধানসভাত সংকল্প প্ৰস্তাৱ, BBCক লৈ উত্তাল সদন 

BBCৰ ডকুমেণ্টেৰীক লৈ বিধানসভাত সংকল্প প্ৰস্তাৱ; BBCক লৈ উত্তাৱল সদন 

BBCৰ ডকুমেণ্টেৰীক লৈ বিধানসভাত সংকল্প প্ৰস্তাৱ; BBCক লৈ উত্তাৱল সদন 

BBCৰ ডকুমেণ্টেৰীক লৈ বিধানসভাত সংকল্প প্ৰস্তাৱ; BBCক লৈ উত্তাৱল সদন 

  • Share this:
BBCৰ এখন ডকুমেণ্টেৰীক লৈ মঙলবাৰে উত্তাল হৈ পৰে অসম বিধানসভাৰ মজিয়া ৷ ২০০২ চনত সংঘটিত গুজৰাটৰ গোধৰাত সংঘটিত কলংকিত ঘটনাৰাজিক লৈ BBCয়ে প্ৰস্তুত কৰা ডকুমেণ্টেৰীখনৰ বিৰুদ্ধে সদনৰ মজিয়াত সংকল্প প্ৰস্তাৱ আনে শাসকীয় BJPৰ বিধায়ক ভুবন পেগুৱে ৷ সংকল্প প্ৰস্তাৱৰ সপক্ষে যুক্তি দাঙি BBCৰ বিৰুদ্ধে সদনত সৰৱ হৈ উঠিল ভুবন পেগু ৷

ভুবন পেগুৱে সংকল্প প্ৰস্তাৱ উত্থাপন কৰাৰ সময়তে বিধায়ক অখিল গগৈ আৰু বিৰোধী কংগ্ৰেছ আৰু AIUDFয়ে প্ৰতিবাদ কৰে ৷

কংগ্ৰেছৰ বিধায়কসকলে থিয় হৈ প্ৰতিবাদ কৰে ৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে ক'লে- কংগ্ৰেছ আৰু AIUDFৰ কিবা ক'বলগীয়া আছে যদি ক'লেই হ'ল ৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংকল্প প্ৰস্তাৱৰ বিৰোধিতা কৰি ক'লে- কংগ্ৰেছ চৰকাৰৰ দিনতো BBCয়ে বহু ডকুমেণ্টেৰী বনাইছিল ৷ কিন্তু কংগ্ৰেছে বিৰোধিতা কৰা নাছিল ৷ এতিয়া BBCৰ বিৰুদ্ধে ED লগাই দিছে ৷

BBC বাহিৰৰ আৰু অসমৰ লগত কোনো সম্পৰ্ক নাই বাবে সদনত কোনো প্ৰস্তাৱৰ প্ৰয়োজন নাই বুলি দাবী কৰে বিৰোধী দলপতি শইকীয়াই ৷

সংকল্প প্ৰস্তাৱৰ বিৰোধিতাত AIUDFৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামে ক'লে- BBC বাহিৰৰ দেশৰ ৷ অসমৰ সমস্যাৰ লগত জড়িত বিষয়ত সদনত আলোচনাৰ পোষকতা কৰে আমিনুলে ৷

CPIMৰ একমাত্ৰ প্ৰতিনিধি মনোৰঞ্জন তালুকদাৰেও বিৰোধিতা কৰিলে ভুবন পেগুৰ সংকল্প প্ৰস্তাৱক ৷

বিৰোধীয়ে দাঙি ধৰা যুক্তিৰ পিছত সংকল্প প্ৰস্তাৱৰ সপক্ষে ঠিয় হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ যুক্তি— ২০০২ৰ গুজৰাটৰ ঘটনাক লৈ দেশৰ উচ্চতম ন্যায়ালয়ে বৰ্তমানৰ প্ৰধানমন্ত্ৰীক নিৰ্দোষী বুলি ঘোষণা কৰাৰ পিছত BBCয়ে কিয় ভাৰতৰ আভ্যন্তৰীণ বিষয়ত ডকুমেণ্টেৰী প্ৰস্তুত কৰিলে?

মুখ্যমন্ত্ৰীৰ দাবী G20ক ভাৰতে প্ৰতিনিধিত্ব কৰি থকাৰ সময়ত, অসমত G20ৰ বৈঠক চলি থকাৰ সময়ত BBCয়ে ডকুমেণ্টেৰীখন প্ৰচাৰ কৰি অসম আৰু ভাৰতক বিশ্বদৰবাৰত বদনামী কৰিব বিচাৰিলে ৷

ব্ৰিটিছে ভাৰতক এসময়ত শাসন কৰিছিল ৷ কিন্তু এতিয়া ব্ৰিটিছক ভাৰতে পিছ পেলালে ৷ মুখ্যমন্ত্ৰীৰ দাবী— এদিন আমেৰিকা আৰু চীনৰ অৰ্থনীতিকো পিছ পেলাব ভাৰতে ৷ BBCৰ বিৰুদ্ধে সৰৱ হৈ মুখ্যমন্ত্ৰীয়ে সদনত সংকল্প প্ৰস্তাৱত সকলোৰে সমৰ্থন বিচাৰে ৷

ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ বিধায়কে অসমৰ মানুহে কুকুৰৰ মাংস খোৱা বুলি কোৱা বিষয়টো উত্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ কুকুৰৰ মাংসৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে সদনত উত্তৰ দিলে ৷ মুখ্যমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ এই বিষয়ত চিঠি লিখা বুলি সদনত সদৰী কৰে ৷

BBCৰ বিৰুদ্ধে অনা সংকল্প প্ৰস্তাৱৰ বিৰোধিতা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ভৰত নৰহে। বিৰোধিতা কৰে CPIMৰ বিধায়ক মনোৰঞ্জন কলিতাই ৷

ইয়াৰ মাজতে কংগ্ৰেছ আৰু AIUDFয়ে সংকল্প প্ৰকল্পৰ বিৰোধিতা কৰি সদন ত্যাগ কৰে ৷ ইয়াৰ পিছতে সদনত গৃহীত হয় ভুবন পেগুৱে অনা সংকল্প প্ৰস্তাৱ ৷ সংকল্প প্ৰকল্প গৃহীত হোৱাত মুখ্যমন্ত্ৰীয়ে সদনক ধন্যবাদ জনায় ৷

শেহতীয়া বাতৰি