உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাজিৰঙাৰ কঁহৰাত গঁড়ৰ খৰ্গৰ পুনৰ পৰীক্ষণ, বিশ্ব গঁড় দিৱসৰ দিনা বিনষ্ট কৰাৰ পৰিকল্পনা

    কাজিৰঙাৰ কঁহৰাত গঁড়ৰ খৰ্গৰ পুনৰ পৰীক্ষণ, বিশ্ব গঁড় দিৱসৰ দিনা বিনষ্ট কৰাৰ পৰিকল্পনা

    পৰীক্ষণ কালত মুঠ খৰ্গৰ ৫ শতাংশ খৰ্গক গৱেষণা বা অনান্য অধ্যয়নৰ বাবে পদ্ধতিগতভাৱে সংৰক্ষণ কৰা হ'ব ৷

    পৰীক্ষণ কালত মুঠ খৰ্গৰ ৫ শতাংশ খৰ্গক গৱেষণা বা অনান্য অধ্যয়নৰ বাবে পদ্ধতিগতভাৱে সংৰক্ষণ কৰা হ'ব ৷

    পৰীক্ষণ কালত মুঠ খৰ্গৰ ৫ শতাংশ খৰ্গক গৱেষণা বা অনান্য অধ্যয়নৰ বাবে পদ্ধতিগতভাৱে সংৰক্ষণ কৰা হ'ব ৷

    • Share this:

    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আজি পুৱাৰে পৰাই গঁড়ৰ খৰ্গ পুনৰ পৰীক্ষণ আৰু নমুনা সংগ্ৰহৰ অভিযান আৰম্ভ হয় ৷ আজি পুৱাৰে পৰাই কঁহৰাত এক উচ্চপদস্থ বিশেষজ্ঞ দলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘদিনৰে পৰা জমা হৈ থকা ৪৮০টা গঁড়ৰ খৰ্গৰ পৰীক্ষা কৰাৰ দুদিনীয়া কাৰ্য আৰম্ভ কৰে৷


    ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত সংগৃহীত আৰু চোৰাংচিকাৰী বা চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰা এই গঁড়ৰ খৰ্গবোৰ আজি বিজ্ঞানসন্মতভাৱে পুনৰ পৰীক্ষা কৰা হয় ৷ বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ৰ ৩৯ অনুচ্ছেদৰ অধীনত অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জমা হৈ থকা গঁড় খৰ্গ, হাতীৰ দাঁত বা তেনে জাতীয় অনুসুচীভুক্ত বন্যপ্ৰাণীৰ দেহাংশ ৰাজহুৱাকৈ বিনষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷


    এই সিদ্ধান্তৰ অংশ হিচাপেই আজি কাজিৰঙাত বন বিভাগৰ প্ৰধান মুখ্য বনসংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱৰ তত্ত্বাৱধানত বন বিভাগৰ হাতত মজুত থকা গঁড় খৰ্গসমূহ পৰীক্ষা কৰি প্ৰণালীবদ্ধভাৱে নথিভুক্ত কৰি পৰৱৰ্তী সময়ত বিনষ্ট কৰিব পৰাকৈ সংৰক্ষণৰ ব্যৱস্থা কৰা হয় ৷ ইয়াৰ বাবে অসমৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱক সভাপতি হিচাপে লৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হয় ৷


    এই সমিতিৰ অধীনতে এখন কাৰিকৰী সমিতি আৰু সাতখন জ'নেল সমিতি গঠন কৰা হৈছে ৷ কাৰিকৰী সমিতিত প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ বিশেষজ্ঞ আৰু জ'নেল সমিতিত স্থানীয় লোকৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰা হৈছে ৷ আজি পুৱাৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৭ চনৰ পৰা সংগৃহীত হোৱা গঁড়ৰ খৰ্গক পুনৰ পৰীক্ষা কৰাৰ কাম আৰম্ভ কৰা হয় ৷


    আজিৰ দিনটোত মুঠ ৪৮০টা খৰ্গৰ ভিতৰৰ ৩০০টা খৰ্গৰ পৰীক্ষা কৰা হয় ৷ বাকী থকা ১৮০টা খৰ্গৰ আদালতৰ গোচৰৰ সৈতে জড়িত ১১টা খৰ্গ বাদ দি ১৬৯টা খৰ্গ ৭ ছেপ্তেম্বৰত পৰীক্ষা কৰিব পৰীক্ষণ সমিতিয়ে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৬ চনত মুঠ ২০২৫টা খৰ্গ পৰীক্ষা কৰা হৈছিল ৷ গঁড়ৰ খৰ্গৰ এই পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত পৰীক্ষিত সমূহ খৰ্গ ছেপ্টেম্বৰ মাহৰ ২২ তাৰিখে উদযাপিত হ'ব লগা বিশ্ব গঁড় দিৱসত ৰাজহুৱাকৈ বিনষ্ট কৰাৰ পৰিকল্পনা কৰিছে অসমৰ বন বিভাগে ৷


    আজিৰ এই অভিযানত উপস্থিত থাকি বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱে কয় যে এনে কাৰ্যই গঁড় খৰ্গৰ চোৰাংচিকাৰ আৰু চোৰাং ব্যৱসায়ত জড়িত চক্ৰৰ বাবে এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিব যে  প্ৰকৃততে গঁড় খৰ্গৰ তেনে কোনো মূল্য নাই ৷ পৰীক্ষণ কালত মুঠ খৰ্গৰ ৫ শতাংশ খৰ্গক গৱেষণা বা অনান্য অধ্যয়নৰ বাবে পদ্ধতিগতভাৱে সংৰক্ষণ কৰা হ'ব ৷ ভৱিষ্যত পৰিকল্পনাৰ বাবে কৰা হ'ব জেনেটিক পৰীক্ষণো ৷ পূৰ্বতে এনেধৰণৰ কাম  আমি কেতিয়াও কৰা নাছিলো ৷


    আজি আমি প্ৰতিটো খৰ্গৰে ওজন লৈ এক সূচাংক নম্বৰৰ সৈতে নমুনা সংগ্ৰহ কৰি পুনৰ বিধিগতভাৱে আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ বুলি জনায় এম কে যাদৱে ৷ কাজিৰঙাত দুটা দিন ধৰি চলিব লগা এই অভিযানৰ শেষত গোলাঘাটত অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব গঁড় খৰ্গৰ পুনৰ পৰীক্ষণৰ অভিযান ৷ গোলাঘাটৰ জিলা কোষাগাৰত মজুত থকা মুঠ ১১৯০  গঁড়ৰ খৰ্গৰ পুনৰ পৰীক্ষণ কৰা হ'ব ৷

    Published by:Gautam Barman
    First published: