অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে আশাৰ বাৰ্তা : ক’ভিড19 মহামাৰীৰ সময়তে সৰ্বাধিক বৃদ্ধি কেঁচা চাহপাতৰ মূল্য

News18 Assam | News18-Assam
Updated:September 1, 2020, 3:51 PM IST
অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে আশাৰ বাৰ্তা : ক’ভিড19 মহামাৰীৰ সময়তে সৰ্বাধিক বৃদ্ধি কেঁচা চাহপাতৰ মূল্য
এই সময়খিনি সম্ভৱ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে আটাইতকৈ ভাল সময় ৰূপে পৰিগণিত হৈছে । বিগত বৰ্ষলৈকে এই সময়চোৱাত প্ৰতি কেজিত দহ টকাকৈ বিক্ৰী হোৱা কেঁচা চাহপাত এইবাৰ বিক্ৰী হৈছে কেজিত ৫০-৬০ টকা দৰত । উপাৰ্জনৰ এই সোণালী সময়খিনি ২০২১ চনলৈকে অব্যাহত থাকিব বুলি ধাৰণা কৰা হৈছে ।

এই সময়খিনি সম্ভৱ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে আটাইতকৈ ভাল সময় ৰূপে পৰিগণিত হৈছে । বিগত বৰ্ষলৈকে এই সময়চোৱাত প্ৰতি কেজিত দহ টকাকৈ বিক্ৰী হোৱা কেঁচা চাহপাত এইবাৰ বিক্ৰী হৈছে কেজিত ৫০-৬০ টকা দৰত । উপাৰ্জনৰ এই সোণালী সময়খিনি ২০২১ চনলৈকে অব্যাহত থাকিব বুলি ধাৰণা কৰা হৈছে ।

  • Share this:
চাহ খেতিৰ বাবে বিখ্যাত তিনিচুকীয়া জিলাৰ দুলু হাজৰিকা নামৰ ২৬.৫ একৰ মাটিকালিৰ চাহ বাগিচাৰ গৰাকীজনলৈ মহামাৰিৰ বাবে দিয়া লকডাউনৰ পিছৰ সময়চোৱা যেন আশীৰ্বাদ স্বৰূপ হৈ পৰিল । এই চাহ বাগিচাখনৰ উৎপাদন বিগত বৰ্ষতকৈ প্ৰায় ৪০% হ্ৰাস পায় যদিও কেঁচা চাহপাতৰ মূল্য বহু বৃদ্ধি পোৱাত সমীকৰণটো একে হৈ থাকে ।

" মই বাগিচাৰ সৈতে এটা চাহপাতৰ এটা ফেক্টৰিও ক্ৰয় কৰিছিলো । মাৰ্চ মাহৰ আৰম্ভণিতে কেঁচা চাহপাতৰ মূল্য কোনো কোনো ঠাইত প্ৰতি কিলোত ১৬-১৮ টকা হৈছিল । কিন্তু লকডাউন আৰম্ভ হোৱাৰ লগে লগে চাহ বাগিচাসমূহত চাহ গছবোৰ বাঢ়ি যাবলৈ ধৰে । আমি সেইবাবে বছৰত দ্বিতীয়বাৰৰ বাবে উৎপাদনৰ ভৰপক সময়তে পুনৰ চাহগছবোৰৰ এই অতিৰিক্ত পাতবোৰ কাটিব লগা হয় । ইয়াৰ ফলত আমাৰ বহু লোকচানো হয় ।

ইয়াৰ ফলত এইবাৰ আমাৰ উৎপাদন বহু হ্ৰাস পায় । উৎপাদন হ্ৰাস পালে বাবে ইয়াৰ প্ৰভাৱ পৰে মূল্যৰ ওপৰত । এই মহামাৰী একপ্ৰকাৰ আশীৰ্বাদ স্বৰূপ হৈ পৰে আমাৰ বাবে । ", তিনিচুকীয়াৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰাক্তন সম্পাদক দুলু হাজৰিকাই এনেদৰে কয় । " কেঁচা চাহপাতসমূহ প্ৰতি কিলোত ৪৮-৫০ টকা দৰত বিক্ৰী হৈ আছে ।", হাজৰিকাই আৰু কয় ।

অসমত প্ৰায় দেৰলাখ ক্ষুদ্ৰ চাহ খেতিয়ক আছে আৰু এইসকলে অসমৰ মুঠ চাহ উৎপাদনলৈ এক বৃহৎ অৰিহণা যোগাই আহিছে । হাজৰিকাৰ মতে কেৱল তিনিচুকীয়া জিলাতে অসমৰ ভিতৰতে সৰ্বাধিক প্ৰায় ২০ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে ।

অসমত এনেদৰে ক্ষুদ্ৰ চাহ খেতিৰ ধাৰণাৰ আৰম্ভণি হৈছিল সত্তৰ দশকৰ শেষলৈ তথা আশী দশকৰ আৰম্ভণিত । ১৯৭৮ত প্ৰথম বাৰৰ বাবে তদানীন্তন কৃষিমন্ত্ৰী প্ৰয়াত সোণেশ্বৰ বৰাই অসমত ক্ষুদ্ৰ চাহ খেতিৰ ধাৰণাটো জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা হাতত লৈছিল । ভাৰতীয় চাহ বৰ্ডেও ১৯৮০ চনত বৃহৎ চাহ বাগিচাসমূহৰ চাহৰ মান হ্ৰাস পোৱাত ক্ষুদ্ৰ চাহ খেতিৰ প্ৰসাৰত গুৰুত্ব প্ৰদান কৰিছিল ।

১৯৯২ চনৰ পৰাই কেঁচা চাহপাতৰ ব্যৱসায়ৰ লগত জৰিত সুৰজ চেতিয়াই কয় যে ১৯৯৯ চনত তেওঁ এক কেজি কেঁচা চাহপাত বিক্ৰী কৰি লাভ কৰিছিল ১২.৫০ টকা । সেই সময়ত শ্ৰমিকৰ ব্যয় আছিল ১৫ টকা । আৰু ই সেইসময়টো এটা লাভজনক ব্যৱসায় আছিল । ২০২০ চনত চেতিয়াই বাধ্যত পৰি প্ৰায় সাত লাখ টকা মূল্যৰ কেঁচা চাহপাত পথত পেলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল । চেতিয়াই ২০১৩ চনত তেওঁ নিজৰ বিষ্ণুপ্ৰিয়া টী ইণ্ডাস্ট্ৰীৰ জৰিয়তে ক্ৰয় কৰা এটা Bought Leaf Factory ( BLF ) ৰ জৰিয়তে ব্যৱসায় নতুনকৈ আৰম্ভ কৰিছিল ।

" এই মহামাৰীৰ লগতে আন দুটা কাৰকে এইবাৰ অসমৰ চাহ উদ্যোগটোৰ ওপৰত প্ৰভাৱ পেলালে। এই বছৰ মাৰ্চ আৰু এপ্ৰিলত অত্যধিক গৰম পৰিছিল। মাৰ্চ মাহত চাহ বাগিচাসমূহত পোকৰ উপদ্ৰৱ বৃদ্ধি পায় । গৰমৰ পিছতে চাৰিমাহ যোৰা ধাৰাসাৰ বৃষ্টিপাত আৰম্ভ হয় । অত্যাধিক মাত্ৰাৰ বৰষুণ চাহ খেতিৰ বাবে ভাল নহয় ।

বৰষুণৰ বাবে উষ্ণতা হ্ৰাস পাই থাকে । আনহাতে বেছিকৈ প্ৰুনিঙ কৰিব লগা হোৱা বাবেও অধিক হাৰত উৎপাদন হ্ৰাস পাবলৈ ধৰে । এই সকলোবোৰ মিলি কেঁচা চাহ পাতৰ উৎপাদন হ্ৰাস কৰে যদিও ইয়াৰ মূল্য আশাতীত ভাৱে বৃদ্ধি পায় । মই মোৰ ফেক্টৰীৰ বাবে প্ৰতি কেজিত ৫৪-৫৫ টকা মূল্যত কেঁচা চাহপাত কিনিছো । ", সুৰজ চেতিয়াই কলে । আমাৰ বটলিফ ফেক্টৰীসমূহক মান সম্পন্ন কেঁচা চাহপাত লাগে । চাহিদাৰ ভৰপক সময়ত এয়া মাছৰ বজাৰ সদৃশ হয় , চেতিয়াই আৰু কয় ।

এয়া অসমত সৰ্বকালৰ ভিতৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলে লাভ কৰা কেঁচা চাহপাতৰ সৰ্বোচ্চ মূল্য হয় । ইয়াৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকল উৎফুল্লিত হৈ পৰিছে । কেৱল অসমৰ চাহ খেতিয়কসকলেই নহয় গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো চাহৰ মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । অসমৰ এক কিলো চাহ গড়ে ২৮০-৩০০ টকা দৰত নীলাম হৈছে ।

" এই সকলোখিনি নিৰ্ভৰ কৰে ডিমাণ্ড আৰু চাপ্লাইৰ ওপৰত । উৎপাদন কৰোতাসকলে তেওঁলোকৰ চাহৰ বাবে ভাল দাম পালে নিশ্চিত ভাৱে কেঁচা চাহ পাতৰ বাবেও ভাল মূল্য পৰিশোধ কৰা হব । উৎপাদন হ্ৰাস পাই যোৱাৰ লগে লগে কেঁচা চাহ পাতৰ মানো উন্নত হ’বলৈ ধৰিলে । ক্ষুদ্ৰ চাহ খেতিয়কসকলে বৰ্তমান পাত চিঙা প্ৰক্ৰিয়াটো সাত-আঠ দিনৰ মূৰে মূৰে কৰাটো নিয়মত পৰিণত কৰিছে । আৰু ইয়াৰ ফলত এটি কলি দুটি পাতৰ মান অটুত থকাটো নিশ্চিত হৈছে । আমি অসমৰ উদ্যোগ বিভাগক আগন্তুক পাচ বছৰলৈ নতুন ক্ষুদ্ৰ চাহ বাগিচাৰ অনুজ্ঞাপত্ৰ দিয়াটো বন্ধ কৰিবলৈ আহ্বান জনাইছো । ইয়াৰ ফলত বৰ্তমানৰ বাগিচাসমূহত কেঁচা চাহপাতৰ মান বৰ্তাই ৰখাটো সহজ হব । এই বিষয়টোৰ ওপৰত আমি দৃষ্টি ৰাখিম । ", টী এচোছিয়েছন অব ইণ্ডিয়া , গুৱাহাটী চেপ্টাৰৰ সম্পাদক দীপাঞ্জল ডেকাই এনেদৰে কয় ।

ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মূল সমস্যা হ’ল তেওঁলোকে উৎপাদন কৰা কেঁচা চাহপাতৰ উচিত মূল্য লাভ নকৰাতো । এই খেতিয়কসকলৰ নিজৰ ফেক্টৰি নথকা বাবে তেওলোকে উৎপাদিত কেঁচা চাহপাতসমূহ বটলিফ ফেক্টৰি অথবা বৃহৎ চাহ বাগানসমূহক বিক্ৰী কৰিব লগা হয় । ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা চাহপাতৰ উচিত মূল্য লাভ কৰিবৰ বাবে প্ৰাইচ চেয়াৰিঙ ফৰ্মূলা জাৰি কৰা হৈছিল টী মাৰ্কেটিঙ কন্ট্ৰল অৰ্ডাৰ ( TMCO হৈছে কেঁচা চাহপাতৰ বাবে নিৰ্ধাৰিত এটা প্ৰাইচ চেয়াৰিঙ ফৰ্মূলা যিটো জাৰি কৰা হৈছে ২০০৪ চনৰ টী মাৰ্কেটিঙ কন্ট্ৰল অৰ্ডাৰৰ জৰিয়তে । ইয়াৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা চাহপাত উৎপাদন কৰোতে হোৱা ব্যয় আৰু ফেক্টৰীসমূহত চাহ উৎপাদন কৰোতে হোৱা ব্যয় আৰু ইয়াৰ বিক্ৰী মূল্যসমূহ তুলনা কৰা হয় ।)

" কেঁচা চাহপাতৰ এই মূল্যবৃদ্ধি গোটেই বছৰ জুৰি অব্যাহত থকাৰ লগতে ২০২১ চনলৈকে ইয়াৰ প্ৰভাৱ থাকিব । কিন্তু অহাবছৰ যেতিয়া উৎপাদন বৃদ্ধি পাব তেতিয়া কেঁচা চাহপাতৰ মূল্য প্ৰতি কেজিত ২৫ টকা মূল্যলৈ হ্ৰাস পাব পাৰে । কিন্তু সেয়া বেয়া দিনতকৈ বহু ভাল মূল্য ৰূপে বিবেচিত হব ।", দীপাঞ্জল ডেকাই আৰু কয় ।
First published: September 1, 2020, 3:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি