ৰৌণক আলী হাজৰিকাক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৪ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰি আবেদন কৰিছিল যদিও বিশেষ আদালতে আবেদন নাকচ কৰে আৰু তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
অৱশ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষক কাৰাগাৰতে হাজৰিকাক সোধা–পোছা কৰিব পাৰিব বুলি আদালতে জনাইছে। আনহাতে হাজৰিকাই জামিনৰ বাবে আবেদন জনাইছিল যদিও জামিন আবেদন নাকচ কৰে আদালতে। হাজৰিকাৰ স্বাস্থ্যক লৈ তোলা প্ৰশ্নৰ প্ৰসংগত তেওঁৰ অসুস্থতা সন্দৰ্ভত ডিজিপিক তদন্তৰ নিৰ্দেশ।
উল্লেখ্য, ডিআইজি ৰৌণক আলী হাজৰিকাক ৫ অক্টোবৰত হেঙেৰাবাৰীস্থিত ঘৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিষয়াই অভিযান চলোৱাৰ অন্তত আয়তকৈ বেছি সম্পত্তি আহৰণৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছতে হাজৰিকা হৃদৰোগত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হ'বলগীয়া হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|