চিনেমাহলৰ প্ৰত্যাশা আৰু নতুন অসমীয়া চিনেমা ‘ৰত্নাকৰ’–এজন সাধাৰণ দৰ্শকৰ দৃষ্টিৰে

 ‘আমাৰ প্ৰজন্মৰ অসমীয়া চিনেমাৰ আটাইতকৈ ভাললগা নায়ক আৰু চিনেমা হলত যাৰ চিনেমা লাগিলে কোনো দ্বিধা নোহোৱাকৈ হেঁপাহেৰে চাবলৈ গৈছিলো সেইজনেই যতীন বৰা’

Tulika Devi | News18-Assam
Updated:October 11, 2019, 7:59 PM IST
চিনেমাহলৰ প্ৰত্যাশা আৰু নতুন অসমীয়া চিনেমা ‘ৰত্নাকৰ’–এজন সাধাৰণ দৰ্শকৰ দৃষ্টিৰে
 ‘আমাৰ প্ৰজন্মৰ অসমীয়া চিনেমাৰ আটাইতকৈ ভাললগা নায়ক আৰু চিনেমা হলত যাৰ চিনেমা লাগিলে কোনো দ্বিধা নোহোৱাকৈ হেঁপাহেৰে চাবলৈ গৈছিলো সেইজনেই যতীন বৰা’
Tulika Devi | News18-Assam
Updated: October 11, 2019, 7:59 PM IST
তুলিকা দেৱীঃ আমাৰ প্ৰজন্মৰ অসমীয়া চিনেমাৰ আটাইতকৈ ভাললগা নায়ক আৰু চিনেমা হলত যাৰ চিনেমা লাগিলে কোনো দ্বিধা নোহোৱাকৈ হেঁপাহেৰে চাবলৈ গৈছিলো সেইজনেই যতীন বৰা।  হিয়া দিয়া নিয়া, দাগ, নায়ক কোনো এখন চিনেমা কেতিয়াও বাদ পৰা নাছিল। যতীন বৰাৰ অভিনয় আৰু জুবিন গাৰ্গৰ সংগীত দুয়োটাৰ সন্মিলিত আকৰ্ষণ ইমান বেছি আছিল যে সেই গানৰ কাৰণেই বহুসময়ত চিনেমাখন চোৱা হৈছিল। যোৱা দুটা দশকৰো অধিক কাল অসমীয়া চিনেমাৰ গ্লেমাৰ থকা (যাৰ কাৰণে মানুহে টিকট কাটি চিনেমা চায়) নায়ক কোন বুলি কলে যতীন বৰাৰ নামেই ল’ব লাগিব।



'ৰত্নাকৰ'ত যতীন বৰা কেৱল নায়কেই নহয় তেওঁ পৰিচালকো। একেটা সময়ত দুটাকৈ পেছাদাৰী ভূমিকাত অৱতীৰ্ণ হোৱাটো সঁচাই কঠিন! সম্ভৱতঃ এই কাৰণতে নিজৰ কেৰিয়াৰত ইমান সংখ্যক ছবিত অভিনয় কৰিও ‘ৰত্নাকৰ’ৰ পূৰ্বে যতীন বৰাই পৰিচালনা কৰা ছবি মাত্ৰ এখনেই ‘অধিনায়ক’। আগৰ বছৰকেইটাত নায়ক হিচাপে ইখনৰ পিছত সিখন হিট–ছুপাৰহিট চিনেমা উপহাৰ দিয়া যতীন বৰাক পৰিচালক হিচাপে ২০০৬চনৰ ‘অধিনায়ক’–এ নিৰুৎসাহ কৰিলে। যাৰ কাৰণে সুদীৰ্ঘ সময় তেওঁ চিনেমা পৰিচালনাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আছিল। এটা দশকৰো অধিক সময়ৰ পিছত হঠাৎ যতীন বৰাই আকৌ সাহস কৰিলে ছবি পৰিচালনাৰ। কেৱল পৰিচালনাই নহয় যতীন বৰা প্ৰডাকচন (জেবি)ৰ অধীনত প্ৰথমখন বিগ বাজেট ছবিৰ প্ৰযোজনাৰো গধুৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিল যতীন বৰা। অভিনেত্ৰী পত্নী নৱনীতা শর্মাৰ সাহসত এহাল পিতৃ–কন্যাৰ আৱেগিক সম্পৰ্কক লৈ ‘ৰত্নাকৰ’ৰ নিৰ্মান থিৰাং কৰা হ’ল। নায়কৰ চৰিত্ৰটোত এজন বেপৰুৱা গুণ্ডা, এজন একান্ত প্ৰেমিক আৰু জীয়ৰি প্ৰাণ পিতৃ এই তিনিওটা ৰূপ ফুটাই তুলিবলৈ যতীন বৰা নিজে আগবাঢ়ি আহিল কিন্তু শিশু জীয়ৰিৰ চৰিত্ৰটো কোনে ৰূপায়ন কৰিব? চিনেমাৰ মুখ্য চৰিত্ৰ দুটাৰ এটাত যেতিয়া এগৰাকী নতুন মুখৰ শিশু শিল্পীৰ প্ৰয়োজন হয় তেতিয়া পৰিচালকৰ প্ৰত্যাহ্বান আৰু বাঢ়ি যায়।‘ৰত্নাকৰ’ৰ শিশু শিল্পীৰ চৰিত্ৰটোৰ কাৰণে অ’ডিশ্যনো লোৱা হৈছিল য’ত শতাধিক শিশুৱে অভিনয়ৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছিল।



 

অৱশেষত আশ্ৰমিকা শইকীয়াক চৰিত্ৰটোৰ কাৰণে নিৰ্বাচন কৰা হ’ল।  চিনেমাখনত যতীনৰ বিপৰীতে দুগৰাকী জনপ্ৰিয় নায়িকা বৰষা ৰাণী বিষয়া আৰু নিশিতা গোস্বামী। এফালে বছৰ বছৰ ধৰি ৰূপালী পৰ্দাত অভিনয় কৰি চিনেমাৰ এক্টিং 'ভাতৰ লগত পানী খোৱা'ৰ দৰে হৈ পৰা তিনি পৰিপক্ক পুৰঠ নায়ক-নায়িকা আৰু আনফালে এজনী তেনেই সৰু নৱাগত অভিনেত্ৰী। সুখৰ কথা 'ৰত্নাকৰ'ত যতীন-বৰষা-নিশিতা আৰু নৱাগত আশ্ৰমিকাই অভিনয়ৰ ভাৰসাম্য বৰ সুন্দৰকৈ কঢ়িয়াই লৈ গৈছে। চিনেমাখন কতো এক ছেকেণ্ডৰ কাৰণেও থমকি ৰোৱা নাই। দ্ৰুতগতিৰে আগবঢ়া চিনেমাখনৰ প্ৰতিটো চিকুয়েন্সতে আৱেগ আৰু একচনৰ ভৰপূৰ সমাহাৰ। আৰম্ভনিৰ দৃশ্যৰ পৰাই চিনেমাখন অসমৰ নে বলিউডৰ নে দক্ষিণ ভাৰতৰ তফাৎ ধৰিবলৈ টান। দৃশ্যগ্ৰহন আৰু সম্পাদনা ইমান সুন্দৰ হৈছে যে অসমীয়া চিনেমা এনেকুৱাও হ'ব পাৰে বুলি দুই এজনৰ আগত অহংকাৰ কৰিবলৈ মন যাব।  প্ৰত্যাশিত ভাৱেই যতীন বৰা 'ৰত্নাকৰ'ৰ প্ৰাণ শক্তি, লগতে যিগৰাকী শিল্পীৰ পৰিপক্ক অভিনয় আৰু সুগঢ়ী অৱয়ব, নৃত্যই আপোনাক বহুৱাই ৰাখিব সেয়া হৈছে বৰষা ৰাণী বিষয়া। সঁচা অৰ্থত সকলোৱে বৰষা ৰাণী বিষয়াৰ পৰা পেছাদাৰী শিল্পীয়ে নিজকে কেনেকৈ মেইনটেইন কৰিব লাগে সেই কথা শিকা উচিত। তেওঁ চিনেমাখনৰ চিকমিকনি বঢ়াই তুলিছে। নেতিবাচক চৰিত্ৰত পদ্মৰাগ গোস্বামীৰ অভিনয় বলিউডী মানৰ হৈছে। তেওঁৰ চৰিত্ৰটো আৰু অলপ চোৱাৰ হেঁপাহ অকন ৰৈ গ'ল!  আনসকলৰ অভিনয় যথাযথ। সংগীতৰ দিশত লাডাখৰ মনোমোহা লোকেচনৰ 'ৰাতি ৰাতি' গানটোৱে হওক বা জুবিন-হৰ্ষিতাৰ 'এটা কথা কোৱানা'ই হওক জুবিন গাৰ্গে কৰা 'ৰত্নাকৰ'ৰ সংগীত সঁচাকৈ যাদুকৰী। ইয়াৰ মাজত শিশু শিল্পী আশ্ৰমিকাৰ অভিনয় সকলোতকৈ ডাঙৰ 'চাৰপ্ৰাইজ'। অকণো জড়তা নোহোৱা অভিজ্ঞ শিল্পীৰ দৰেই কেমেৰাৰ মুখামুখি হৈ ইমান ড্রামেটিক ৰোল এটা সহজ কৰি পেলোৱাটো স্বীকাৰ কৰিবলগীয়া কৃতিত্ব। আশ্ৰমিকাৰ ভৱিষ্যত অতি উজ্জ্বল। ব্যক্তিগতভাৱে পানী কেঁচুৱাৰ পৰা চকুৰ সন্মুখত ডাঙৰ হোৱা ছোৱালী এজনীয়ে অনায়াসে পেছাদাৰী অভিনেত্ৰীৰ দৰে চিনেমাত অভিনয় কৰাটো চমকলগা কথাই! মুঠতে 'ৰত্নাকৰ' চাওক, অসমীয়া চিনেমাই বাহিৰৰ চিনেমাৰ সৈতে ফেৰ মৰাৰ সাহস কৰিছে আৰু সফল হৈছে, সেইটো ডাঙৰ কথা। অসমৰ লগতে দেশৰ বিভিন্ন ঠাইত চিনেমাখনৰ শ্ব' হাউছফুল হোৱাৰ নতুনকৈ কেবাটাও শ্ব’ দিবলগীয়া হোৱা, টিকট বিচাৰি হাবাথুৰি খোৱা ৰাইজে কোনো কোনো ঠাইত ব্লেকত টিকট ক্ৰয় কৰিবলগীয়া হোৱাবোৰে অসমীয় চিনেমাৰ উত্তৰণ বিচৰা প্ৰত্যেকৰে মন ভৰাই তুলিব।



‘ৰত্নাকৰ’ৰ শিশু অভিনেত্ৰী আশ্ৰমিকা একালৰ জ্যেষ্ঠ সতীৰ্থ আৰু বৰ্তমান প্ৰতিদিন টাইম চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ ছোৱালী। ঘৰৰ কাষতে ডাঙৰ হোৱা আশ্ৰমিকা যাক আমি মৰমত মুনি বুলি মাতো অতি সু-সংস্কৃতিৱান মনৰ। নিতুমনি শইকীয়া আৰু  ড০ স্মৃতিৰেখা ভূঞাৰ একমাত্ৰ কন্যা আশ্ৰমিকাই তেনেই অকণমান বয়সৰ পৰা নিয়মীয়াকৈ গুৱাহাটীৰ এখন পেছাদাৰী অভিনয় শিল্পীয়ে কৰা জনপ্ৰিয় ৰাসত শিশু কৃষ্ণৰ চৰিত্ৰ ৰূপায়ন কৰি বহুতৰে মন জয় কৰি থৈছে।  ‘ৰত্নাকৰ’ত পৰিপক্ক অভিনয় আৰু সুন্দৰকৈ গান–নাচ কৰা আশ্ৰমিকাৰ পৰা স্বাভাৱিকতে সাধাৰণ দৰ্শক হিচাপে ভৱিষ্যতলৈ আৰু সুন্দৰ কামৰ প্ৰত্যাশা ৰাখিলো।

আশ্ৰমিকাৰ সৈতে ৯বছৰ পূৰ্বৰ এখন ফটো


(অসমবাসীয়ে ‘ৰত্নাকৰ’ত দেখা আশ্ৰমিকাৰ সৈতে ৯বছৰ পূৰ্বৰ এখন ফটো আৰু  প্ৰিমীয়াৰৰ দিনা তোলা এখন ফটো। অসমীয়া চিনেমা আৰু শিশু শিল্পী দুয়োগৰাকীৰ যাত্ৰা মসৃণ হওক।)

(তুলিকা দেৱী, News18 অসম নৰ্থ ইষ্ট চেনেলৰ  ‘নিউজ এডিটৰ’ হিচাপে কৰ্মৰত)
আৰু চাওক পৰৱৰ্তী বাতৰি