ব্লকবাষ্টাৰ অসমীয়া চিনেমা ৰত্নাকৰৰ ব্যৱসায় হ’লগৈ ২.৩৪কোটি টকা, জে বি প্ৰডাকচনৰ নতুন চিনেমাৰ ঘোষণা এই সপ্তাহতে

শীঘ্ৰেই নতুন চিনেমা ঘোষণা কৰিব জেবি প্ৰডাকচনে।

News18-Assam
Updated:October 16, 2019, 5:12 PM IST
ব্লকবাষ্টাৰ অসমীয়া চিনেমা ৰত্নাকৰৰ ব্যৱসায় হ’লগৈ ২.৩৪কোটি টকা, জে বি প্ৰডাকচনৰ নতুন চিনেমাৰ ঘোষণা এই সপ্তাহতে
শীঘ্ৰেই নতুন চিনেমা ঘোষণা কৰিব জেবি প্ৰডাকচনে।
News18-Assam
Updated: October 16, 2019, 5:12 PM IST
ব্লকবাষ্টাৰ অসমীয়া চিনেমা ৰত্নাকৰে অব্যাহত ৰাখিছে অভিলেখ ধাৰা। ৫ দিনৰ অন্তত ৰত্নাকৰৰ উপাৰ্জন হ’লগৈ ২.৩৪ কোটি। সপ্তাহান্তিক দিনকেইটাৰ পিছত খোলা দিনকেইটাতো অব্যাহত ভাল ব্যৱসায়। মঙলবাৰে মুক্তিৰ পঞ্চমটো দিনত ৰত্নাকৰে উপাৰ্জন কৰিছে ৪৫ লাখ টকা। ইয়াৰ লগে লগে ছবিখনৰ ৫ দিনৰ মুঠ উপাৰ্জন হৈছেগৈ ২.৩৪ কোটি। বিভিন্ন ছবিগৃহত এতিয়াও দৰ্শকৰ ভিৰ।ছবিখনক লৈ দৰ্শকে জনোৱা সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ছবিখনৰ কলা-কুশলীয়ে।

উল্লেখযোগ্য যে নৱনীতা শৰ্মাই জে বি প্ৰডাকচনৰ আগন্তুক চিনেমাৰ ঘোষণা এই সপ্তাহৰ শেষৰ ফালে কৰাৰ ঘোষণা কৰিছিল। ইয়াৰ লগতে প্ৰকৃত উপাৰ্জন নেদেখুৱা তিনিটা চিনেমা হ’লকো সকীয়নি প্ৰদান কৰিছিল প্ৰযোজিকা নৱনীতা শৰ্মাই।
আৰু চাওক পৰৱৰ্তী বাতৰি