কাঞ্চনজংঘাক চেৰ পেলালে ৰত্নাকৰে, প্ৰথম দিনাই ৪১ লাখ টকা সংগ্ৰহ কৰি গঢ়িলে অভিলেখ

১১ অক্টোবৰত মুক্তিলাভ কৰা ৰত্নাকৰে জয় কৰিছে দৰ্শকৰ হৃদয়।

News18-Assam
Updated:October 12, 2019, 1:54 PM IST
কাঞ্চনজংঘাক চেৰ পেলালে ৰত্নাকৰে, প্ৰথম দিনাই ৪১ লাখ টকা সংগ্ৰহ কৰি গঢ়িলে অভিলেখ
১১ অক্টোবৰত মুক্তিলাভ কৰা ৰত্নাকৰে জয় কৰিছে দৰ্শকৰ হৃদয়।
News18-Assam
Updated: October 12, 2019, 1:54 PM IST
ৰত্নাকৰে গঢ়িলে অসমৰ বক্স অফিচত নতুন অভিলেখ। মুক্তিৰ প্ৰথমদিনাই ৰত্নাকৰে সংগ্ৰহ কৰিলে ৪১ লাখ টকা। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ কাঞ্চনজংঘা ছবিখনে মুক্তিৰ প্ৰথম দিনা ৪০ লাখ টকা ব্যৱসায় কৰি গঢ়িছিল নতুন অভিলেখ। কিন্তু যতীন বৰাৰ ৰত্নাকৰে ভংগ কৰিছে কাঞ্চনজংঘাৰ অভিলেখ। মুক্তিৰ প্ৰথম দিনাই যতীন বৰা অভিনীত আৰু পৰিচালিত ছবিখনে সংগ্ৰহ কৰে ৪১ লাখ টকা। এতিয়াও অসমৰ ছবিগৃহত বৃদ্ধি কৰি আছে ৰত্নাকৰৰ দৰ্শনীৰ সংখ্যা।

দৰ্শকৰ উৎসাহ, আগতীয়া টিকট বুকিঙলৈ চাই শনিবাৰ আৰু দেওবাৰেও ৰত্নাকৰে বাম্পাৰ কালেক্ছন কৰাৰ সম্ভাৱনা প্ৰকট। দেওবাৰলৈকে ৰাজ্যৰ প্ৰতিটো চিত্ৰগৃহত প্ৰায় শেষ ৰত্নাকৰৰ টিকট।

উল্লেখযোগ্য যে, ৰত্নাকৰে অসমৰ বাহিৰতো লাভ কৰিছে ব্যাপক সঁহাৰি। মুম্বাই, দিল্লী, পুনে, হাইদৰাবাদ, বাংগালুৰুতো ছবিখনৰ প্ৰতিটো দৰ্শনীয়ে হৈছে হাউছফুল। দৰ্শকৰ অনুৰোধত আজি ৰত্নাকৰ মুক্তি দিয়া হ’ব পাঞ্জাৱত। সেইদৰে দ্বিতীয় সপ্তাহত কলিকতা আৰু চেন্নাইত যতীন বৰাৰ ছবিখন মুক্তি দিয়াৰ কথা চিন্তা কৰিছে প্ৰযোজনা গোষ্ঠীয়ে।

 



 
আৰু চাওক পৰৱৰ্তী বাতৰি