হাউছফুল ‘ৰত্নাকৰ’, টিকটৰ হাহাকাৰৰ মাজতে ছবিগৃহত VIDEO কৰি আটক যুৱক, কি ক’লে যতীন বৰাই?

শুকুৰবাৰে নিশা যতীন বৰা আৰু নৱনীতা শৰ্মাই প্ৰকাশ কৰে উদ্বেগ।

News18-Assam
Updated:October 12, 2019, 5:24 PM IST
হাউছফুল ‘ৰত্নাকৰ’, টিকটৰ হাহাকাৰৰ মাজতে ছবিগৃহত VIDEO কৰি আটক যুৱক, কি ক’লে যতীন বৰাই?
শুকুৰবাৰে নিশা যতীন বৰা আৰু নৱনীতা শৰ্মাই প্ৰকাশ কৰে উদ্বেগ।
News18-Assam
Updated: October 12, 2019, 5:24 PM IST
ইংৰাজী-হিন্দী ছবিক বক্স অফিচৰ যুঁজত পৰাস্ত কৰি অসমত প্ৰথমদিনাই অভূতপূৰ্ব সঁহাৰি লাভ কৰিলে যতীন বৰাৰ ছবি ৰত্নাকৰে। অসমত ৫৯ টাৰ লগতে মুম্বাই, পুনে, দিল্লী, হায়দৰাবাদ আৰু বেংগালুৰুৰ ১১ টা ছবিঘৰত সগৌৰৱেৰে ছলি আছে ৰত্নাকৰ। তথ্য অনুসৰি ৰাজ্যৰ ৮০ শতাংশ চিনেমাঘৰত আটাইকেইটা দৰ্শনীৰে ৩ দিনৰ টিকট ইতিমধ্যেই শেষ হৈছে। মুঠৰ ওপৰত কব পাৰি যে, অসমীয়া চিনেমাৰ জড়তা ভাঙি ৰত্নাকৰ চাবলৈ হিলদ’ল ভাঙি ছবিঘৰলৈ আহিল দৰ্শক।
ৰত্নাকৰলৈ দৰ্শকে জনোৱা সহাঁৰি মাজতে ৰাজ্যৰ কেইবাঠাইৰ ছবিঘৰত সংঘটিত হল অঘটন। ছবিখন চলি থাকোতেই ভিডিঅ কৰি আৰক্ষীৰ হাতত পৰিল কেইবাজনো যুৱক। গুৱাহাটীৰ অনুৰাধা চিনেমাহলৰ লগতে নগাঁও, ওদালগুৰি, কলিয়াবৰ, নগাঁওত ৰত্নাকৰ ছবিখন ভিডিঅ কৰি হাতে লুটে ধৰা পৰিল কেইবাজনো যুৱক। ইয়াৰে অধিক সংখ্যক যুৱকেই হৈছে কলেজীয়া ছাত্ৰ।

ছবিখনৰ মুক্তিৰ নিশা এই বিষয়টো ফেচবুকত তুলি ধৰি উদ্বেগ প্ৰকাশ কৰে ছবিখনৰ অভিনেতা যতীন বৰা আৰু প্ৰযোজিকা নৱনীতা বৰাই। যতীন বৰাই এইবোৰ কামৰ পৰা আতৰি থকাৰ লগতে অসমীয়া ছবিক পুনৰ থন ধৰি উঠাত সহায় কৰিবলৈ সকলোকে আহ্বান জনায়। তেও লগতে ছবিখনলৈ দৰ্শকে আগবঢ়োৱা মৰমৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

যতীন বৰাই লগতে কয় যে গুৱাহাটীৰ অনুৰাধাৰ চিনেমা হলৰ পৰা এজন যুৱকক চান্দমাৰী আৰক্ষীয়ে ভিডিঅ কৰি থকাৰ বাবে আটক কৰিছিল যদিও যতীন বৰাই যুৱকজনক এৰি দিবলৈ আৰক্ষীক আহ্বান জনায়। ইফালে প্ৰযোজিকা নৱনীতাইয়ো আগন্তুক সময়ত এনে কামৰ পৰা আতৰি থাকিবলৈ সকলোকে আহ্বান জনায়।
উল্লখ্য যে, কিছু দিনৰ পূৰ্বে মুক্তি পোৱা জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাৰ ভিডিঅ কৰিও আৰক্ষীৰ জালত পৰিছিল এজন যুৱক।

প্ৰথম দিনাৰ টিকট বিক্ৰীৰ অভিলেখেৰে ৰত্নাকৰে ইতিমধ্যে অসমীয়া চিনেমাৰ সকলো অভিলেখ ভংগ কৰিছে। প্ৰথম দিনা ৰত্নাকৰে উপাৰ্জন কৰিছে ৪১লাখ টকা।
আৰু চাওক পৰৱৰ্তী বাতৰি