
এইবাৰ ৰথযাত্ৰাৰ ৰথে কেৱল মন্দিৰৰ চৌহদৰ ভিতৰতে পৰিক্ৰমা কৰিব।
এইবাৰ ৰথযাত্ৰাৰ ৰথে কেৱল মন্দিৰৰ চৌহদৰ ভিতৰতে পৰিক্ৰমা কৰিব।
পুৰীৰ জগন্নাথ মন্দিৰৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ খনিকৰত অৱস্থিত ভাৰতবৰ্ষৰ দ্বিতীয় বৃহৎ জগন্নাথ মন্দিৰতো অনুষ্ঠিত হৈছে ৰথযাত্ৰা। কিন্তু পূৰ্বৰ দৰে এইবাৰ নাই ৰথযাত্ৰাৰ উছাহ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা পালন কৰি সিমিত সংখ্যক ভক্তৰ উপস্থিতিৰে কেৱল পৰম্পৰা ৰক্ষাৰ চেষ্টা মন্দিৰ সমিতিৰ। এইবাৰ ৰথযাত্ৰাৰ ৰথে কেৱল মন্দিৰৰ চৌহদৰ ভিতৰতে পৰিক্ৰমা কৰিব।
বিগত বছৰসমূহত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা ৰথযাত্ৰাৰ কাৰ্যসূচীত এইবাৰ দেখা গৈছে কেৱল ২০জনমান ভক্তৰ লগতে মন্দিৰ সমিতিৰ একাংশ লোক। লোকবিশ্বাস অনুসৰি আজি মাহীয়েক গুন্দিছাৰ কাষলৈ যাত্ৰা কৰে ভগৱান জগন্নাথ, সুভদ্ৰা আৰু বলদেৱ। পুনৰ ৮ দিনৰ পাছত নিজৰ স্থানলৈ উভতি আহে ভগৱান জগন্নাথ, সুভদ্ৰা আৰু বলদেৱ। ভক্তসকলৰ বাবে এই সময়ছোৱাত খোলা থাকিব ডিব্ৰুগড় জগন্নাথ মন্দিৰ।আহাৰ ষাঠ লগাৰ সময়ছোৱাত বেছিসংখ্যক মন্দিৰ বন্ধ থাকে যদিও খোলা থাকিব দেশৰ ভিতৰতে দ্বিতীয় বৃহৎ ডিব্ৰুগড় এই জগন্নাথ মন্দিৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|