শিল্পী ৰঞ্জন বেজবৰুৱালৈ 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান

News18 Assam | News18-Assam
Updated:September 6, 2020, 11:23 AM IST
শিল্পী ৰঞ্জন বেজবৰুৱালৈ 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান
দেশৰ বহু উচ্চমানৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰা শিল্পী ৰঞ্জন বেজবৰুৱা গীত–বিদেশতো জনপ্ৰিয় হৈছে।

দেশৰ বহু উচ্চমানৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰা শিল্পী ৰঞ্জন বেজবৰুৱা গীত–বিদেশতো জনপ্ৰিয় হৈছে।

  • News18 Assam
  • Last Updated: September 6, 2020, 11:23 AM IST
  • Share this:
সংস্কৃত গীতৰ বিশিষ্ট  শিল্পী, সংস্কৃত-গীতিকাৰ, অনুবাদক নগাঁৱৰ ৰঞ্জন বেজবৰুৱালৈ এই বছৰৰ 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান আগবঢ়োৱা হৈছে। ওড়িশাৰ পুৰীস্থিত সংস্কৃত আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰৰ দিশত উৎসৰ্গিত, বিশ্বৰ ৪২খন দেশলৈ প্ৰসাৰিত আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান 'লোকভাষা প্ৰচাৰ সমিতি, ভাৰত'ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তমৰ্মে  অধ্যক্ষ ড০ সদানন্দ দীক্ষিতে এক বিজ্ঞপ্তিযোগে এই কথা দেশবাসীক অৱগত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী, সংস্কৃত বক্তা ড০ প্ৰতাপ চন্দ্ৰ সাৰংগী, প্ৰধানমন্ত্ৰীৰ বিজ্ঞান উপদেষ্টা ড০ ওম প্ৰকাশ পাণ্ডে, আকাশবাণী দিল্লী কেন্দ্ৰৰ সংস্কৃত প্ৰবাচক বল্লভানন্দ সাগৰৰ প্ৰমুখ্যে দেশৰ  সংস্কৃতজ্ঞ সুধীজনে শিল্পী বেজবৰুৱাৰ প্ৰতি এই সন্মানক আন্তৰিকতাৰে আদৰণি জনাইছে।

প্ৰণিধানযোগ্য যে শিল্পী ৰঞ্জন বেজবৰুৱাই অসমীয়া তথা ভাৰতীয় সংগীতক সংস্কৃত ভাষাৰ মাধ্যমেৰে আৰু সংস্কৃত ভাষাক ভাৰতীয় সংগীতৰ মাধ্যমেৰে সমাজত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াই আহিছে। মূলতঃ অনুবাদ আৰু পুনঃসৃষ্টিৰ জৰিয়তে ভাৰতীয় ভাষা আৰু সংগীতৰ  আদান-প্ৰদানেই বেজবৰুৱাৰ সাংস্কৃতিক কৰ্মৰ মূল বিষয়। তেওঁৰ শতাধিক মৌলিক আৰু  ভিন্ন ভাষাৰ পৰা সংস্কৃতলৈ অনুদিত গীতৰ পুথি 'গীত-সংস্কৃতম্‌'। ভাৰতীয় সংস্কৃতিমূলক নিৱন্ধ সংকলন 'আনন্দ-সুধাকৰ'।

দেশৰ বহু উচ্চমানৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰা শিল্পী ৰঞ্জন বেজবৰুৱা গীত–বিদেশতো জনপ্ৰিয় হৈছে। বহুসংখ্যক গীত শ্ৰব্য চিডিৰ উপৰি ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম,  আকাশবাণী, দূৰদৰ্শন, ইণ্টাৰনেটৰ মাধ্যমত দেশান্তৰলৈ বিয়পি পৰিছে।

২০১৬ চনৰ ১৫ আগষ্টত ৰাষ্ট্ৰীয় দূৰদৰ্শনৰ ডি ডি নিউজযোগে ইকবাল ৰচিত উল্লেখযোগ্য দেশভক্তিমূলক গীত 'চাৰে জাঁহা চে অচ্ছা'ৰ সংস্কৃত ৰূপান্তৰ আজি দেশৰ অন্যতম জনপ্ৰিয় সংস্কৃত গীত। সেইদৰে জনপ্ৰিয় নিজা অনুবাদেৰে ড০ ভূপেন হাজৰিকাৰ 'বিস্তীৰ্ণ পাৰৰে', ৰবীন্দ্ৰনাথৰ 'একলা চলো ৰে', অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ',  ভিন্নজনৰ অনুবাদেৰে 'বৈষ্ণৱ জন তো', সমবেত কণ্ঠত ৰফিৰ কণ্ঠৰ 'জাহাঁ ডাল ডাল পৰ', এ আৰ ৰহমানৰ 'ভাৰত হমকো জান চে প্যাৰা হে' ইত্যাদি।

২০১৭ চনত দেশৰ দ্বিতীয়টো সংস্কৃত বেণ্ড 'প্ৰাচ্যা'ৰ জন্মদাতা ৰঞ্জন বেজবৰুৱাই সংস্কৃত সংগীতৰ বিস্তাৰৰ মাজেৰে ভাৰতীয়ত্বৰ সবল প্ৰচাৰ কৰিছে। উল্লেখযোগ্য যে বিগত ১৬ আগষ্ট তাৰিখে স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ ভালেমান বিদ্বানৰ উপস্থিতিত সমিতিৰ অসম শাখাৰ কাৰ্যকৰী সভাপতি কুশল কলিতাৰ সঞ্চালনাত এক ৰাষ্ট্ৰীয় 'ৱেব সন্মিলন'ত ভাগ লৈ শিল্পী ৰঞ্জন বেজবৰুৱাই কিছু সংস্কৃত গীত পৰিৱেশন কৰিছিল। তাৰ পিছতেই শিল্পী বেজবৰুৱাক এই সন্মানৰ বাবে মনোনীত কৰাৰ চিন্তা-চৰ্চা আৰম্ভ হৈছিল।
Published by: Sanjay Kumar Das
First published: September 6, 2020, 11:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading