ছাত্ৰীগৰাকীৰ নাম ৰশ্মী কুণ্ডু। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাষিকৰ ছাত্ৰী ৰশ্মিৰ জীৱনলৈ এতিয়া নামি আহিছে এজাক কাল ধুমুহা। সৰুৰে পৰা সপোন দেখি ভালপোৱা মেধাৱী ছাত্ৰীগৰাকী এতিয়া জটিল ৰোগত আক্ৰান্ত হৈ চিকিত্সালয়ৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজিছে।
যোৱা বছৰ ৰশ্মিৰ মগজুত তেজ গােট মাৰিছিল। হঠাৎ শৰীৰত হ্রাস পাইছিল তেজৰ পৰিমাণ। অসম চিকিৎসা মহাবিদ্যালয়ত তেজ দিয়াৰ পিছত পুনৰ শিৱসাগৰ চহৰৰ ঘৰলৈ পিতৃ-মাতৃয়ে লৈ গৈছিল ৰশ্মিক। কিন্তু নহ’ল ৰোগ নিৰাময়। আকৌ অসুস্থ হৈ পৰা ৰশ্মীক ভৰ্তি কৰোৱা হ’ল ডিব্ৰুগড়স্থিত অসম চিকিত্সা মহাবিদ্যালয়ত। চিকিত্সকে পৰীক্ষা নিৰীক্ষাৰ অন্তত ৰশ্মীৰ বুকু, হাঁওফঁও, প্রস্ৰাৱৰ নলীত ইনফেকশ্যন হােৱা বুলি জানিবলৈ দিয়ে। কিন্তু শেহতীয়াকৈ চিকিৎসকে ৰশ্মিৰ দুয়ােটা বৃক্ক ( কিডনী) বিকল হ'বলৈ আৰম্ভ কৰিছে বুলি জনোৱাৰ পিছতে হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত।
ক্রমান্বয়ে ছাত্রীগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটিছে। বৃহস্পতিবাৰে ৰশ্মিক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
আনৰ বেটেৰী ৰিক্সা চলাই কোনােমতে পৰিয়ালটো প্রতিপালন কৰে ৰশ্মীৰ পিতৃয়ে। নাই উপার্জনৰ আন উৎস তথা বিকল্প পথ। এনে অবস্থাত মেধাৱী কন্যাৰ ভৱিষ্যৎ চিন্তা কৰি দিশহাৰা হৈ পৰিছে পিতৃ ৰবি কুণ্ডু।
ৰশ্মীৰ চিকিত্সাৰ বাবে এতিয়া পিতৃয়ে বিচাৰিছে কিছু সহায়ৰ।কোনো লোকে যদি ৰশ্মীৰ চিকিত্সাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াব খোজে, তেন্তে পিতৃ ৰবি কুণ্ডুৰ ৬০০১৬-৩২০৫৭ নম্বৰত যােগাযােগ কৰিবলৈ অনৰোধ জনাইছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|