
ৰপেটা চহৰৰ মেটুৱাকুছিৰ পাৰুল বায়ন নামৰ মহিলা এগৰাকীৰ ঘৰৰ পিছ পিনে উদ্ধাৰ হয় কাছটো ৷
ৰপেটা চহৰৰ মেটুৱাকুছিৰ পাৰুল বায়ন নামৰ মহিলা এগৰাকীৰ ঘৰৰ পিছ পিনে উদ্ধাৰ হয় কাছটো ৷
বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত মানুহৰ মাজত ক্ৰমে বৃদ্ধি পাইছে সচেতনতা ৷ জনসজাগতাৰ বাবেই বৰপেটাত আজি উদ্ধাৰ হ'ল এটা দুষ্প্ৰাপ্য কাছ ৷ বৰপেটা চহৰৰ মেটুৱাকুছিৰ পাৰুল বায়ন নামৰ মহিলা এগৰাকীৰ ঘৰৰ পিছ পিনে উদ্ধাৰ হয় কাছটো ৷ পিছত স্থানীয় প্ৰকৃতিপ্ৰেমী লোকৰ উদ্যোগত বৰপেটা বন বিভাগৰ হাতত অৰ্পণ কৰা হয় কাছটো ৷
পিছত বন বিভাগে কাছটো নখান্দা নদীত মুকলি কৰি দিয়ে ৷ এমাহমান পূৰ্বেও বৰপেটা চহৰৰ ইচ্ছাপুৰহাটীত উদ্ধাৰ হৈছিল এটা কাছ ৷ বন্যপ্ৰাণীৰ প্ৰতি ৰাইজৰ মাজত সৃষ্টি হোৱা সজাগতাক লৈ সন্তুষ্ট প্ৰকৃতি প্ৰেমী লোকৰ লগতে বনবিভাগৰ লোক ৷ বন্যপ্ৰাণী বধ কৰাৰ বিপৰীতে বন্যপ্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত সকলোকে সহযোগৰ আহ্বান বন বিভাগ আৰু প্ৰকৃতিপ্ৰেমী সংগঠনৰ ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|