গোৱালপাৰাৰ কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত দুস্প্ৰাপ্য হিমালয়ান ক’লা ভালুক উদ্ধাৰ হৈছে ৷ কৃষ্ণাই বন বিভাগে উদ্ধাৰ কৰিছে ক’লা ভালুকটো ৷ কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তৰ খাৰদাং পাহাৰৰ দাঁতিত কিছুদিন পূৰ্বে স্থানীয় লোকে ধৰিছিল এই ভালুকটো৷
খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামনিলৈ অহা ভালুকটো আৱদ্ধ কৰি ৰাখিছিল লোক এজনে ৷ সেই খবৰ লাভ কৰি কৃষ্ণাইৰ বনাঞ্চলিক বিষয়া শিবাণী পেগুৰ নেতৃত্বত বনকৰ্মীৰ এটা দল গাওঁখলৈ ৰাওনা হয় আৰু ভালুকটোক উদ্ধাৰ কৰে ৷ বনাঞ্চলিক বিষয়া গৰাকীয়ে জনোৱা মতে, এই ভালুকটোক কোকৰাঝাৰত থকা বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰিব, তাত ভালুকটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিব কৰ্তৃপক্ষই।
এই ভালুকটোৰ বয়স ৬ মাহ ৷ আনহাতে, এই পোৱালিটোক উদ্ধাৰ কৰাৰ পিছতে উক্ত অঞ্চলটোত এই পোৱালী ভালুকৰ মাক থকাটো নিশ্চিত হৈছে ৷ ইয়াকেলৈ ভালুকটো উদ্ধাৰ হোৱা ঠাইৰ ওচৰে পাজৰে থকা গাওঁ সমূহত কিছু পৰিমাণে আতংকৰো সৃষ্টি হৈছে।