গোলাঘাটত কিশোৰীক যৌন নিৰ্যাতনকাৰীৰ গালত মহিলাৰ চেণ্ডেলৰ চৰ, উলংগ কৰি চোঁচৰালে ৰাজপথত

শিশু নিৰ্যাতনকাৰী লম্পটটোক চেণ্ডেলৰ মালা পিন্ধাই নগৰৰ মাজেৰে সমদল কৰি গৈ আৰক্ষীক চমজাই দিয়ে মহিলাসকলে।

News18-Assam
Updated:September 25, 2019, 12:14 PM IST
গোলাঘাটত কিশোৰীক যৌন নিৰ্যাতনকাৰীৰ গালত মহিলাৰ চেণ্ডেলৰ চৰ, উলংগ কৰি চোঁচৰালে ৰাজপথত
শিশু নিৰ্যাতনকাৰী লম্পটটোক চেণ্ডেলৰ মালা পিন্ধাই নগৰৰ মাজেৰে সমদল কৰি গৈ আৰক্ষীক চমজাই দিয়ে মহিলাসকলে।
News18-Assam
Updated: September 25, 2019, 12:14 PM IST
গোলাঘাটত কিশোৰীক যৌন নিৰ্যাতনকাৰীক ৰাজহুৱা শাস্তি। সত্যেন্দ্ৰ কুমাৰ সিং নামৰ লোকজনে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ সময়তে হাতে–লোতে ধৰা পেলায় মহিলাসকলে। তাৰ পিছতে জাঙুৰ খাই উঠে অঞ্চলটোৰ মহিলাসকল। যৌন নিৰ্যাতনকাৰী সত্যেন্দ্ৰ সিঙৰ পিঠিত পৰিল মহিলাৰ চৰ, ভুকু, চেণ্ডেলৰ কোব। শিশু নিৰ্যাতনকাৰী লম্পটটোক চেণ্ডেলৰ মালা পিন্ধাই নগৰৰ মাজেৰে সমদল কৰি গৈ আৰক্ষীক চমজাই দিয়ে মহিলাসকলে।

লোকজনে প্ৰায় দুমাহ ধৰি ১নং বুনিয়াদী বিদ্যালয়ৰ কেইবাগৰাকীও কিশোৰীক নিৰ্যাতন চলাই অহাৰ অভিযোগ। অঞ্চলটোত ভাৰাতীয়া হিচাপে আছিল লোকজন। বুধবাৰে হাতে–লোটে ধৰা পৰাৰ পিছতে মহিলাসকলে দিলে ৰাজহুৱা শাস্তি।

এগৰাকী মহিলাই অভিযোগ কৰা অনুসৰি, লম্পটটোৱে প্ৰায়ে বিদ্যালয়লৈ অহা ছাত্ৰীক চকলেটৰ প্ৰলোভন দি মাতি নি চলাইছিল যৌন নিৰ্যাতন। ইয়াৰ পূৰ্বেও লোকজনে এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাসকলে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি