• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীত ঘৰে ঘৰে গৈ কোৰোণা টেষ্ট, ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে

গুৱাহাটীত ঘৰে ঘৰে গৈ কোৰোণা টেষ্ট, ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে

Youtube Video

এই ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফল প্ৰায় ৩০ মিনিট পিছতে পোৱা যায়।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে সমগ্ৰ গুৱাহাটীত। সৰ্বাধিক আক্ৰান্ত হৈছে গুৱাহাটী পৌৰ নিগমৰ অধীনৰ ২নং ৱাৰ্ডত। সেয়ে মহানগৰীৰ সম্পূৰ্ণ লকডাউনৰ মাজতে মঙলবাৰৰ পৰা গুৱাহাটীৰ পাণ্ডুৰ ২নং ৱাৰ্ডত কোৰোণা ৰোধৰ বাবে এণ্টিজেন টেষ্ট আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে।

মহানগৰীৰ ৩১টা ৱাৰ্ডৰ ভিতৰত অন্যতম ডাঙৰ ৱাৰ্ড হিচাপে চিহ্নিত ২নং ৱাৰ্ডৰ বিভিন্ন স্থান ক্ৰমে লোক কলনী, লোক নাথ মন্দিৰ, আনন্দ নগৰ, হাৰুন পট্টী, আদাবাৰী, ষ্টোৰ গেটৰ প্ৰতিঘৰ লোকৰ বাসগৃহত পাইলট প্ৰজেক্ট হিচাপে কৰোণাৰ এণ্টিজেন টেষ্ট আৰম্ভ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। এই ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফল প্ৰায় ৩০ মিনিট পিছতে পোৱা যায়।

২নং ৱাৰ্ডতে প্ৰতিঘৰৰ প্ৰতিজন সদস্যক সাঙুৰি দুদিনত প্ৰায় ২ হাজাৰ এণ্টিজেন টেষ্ট কৰা হ’ব বুলি জনাইছে কামৰূপ মেট্ৰ’ৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱ হাজৰিকাই। ২নং ৱাৰ্ডৰ পিছত মহানগৰীৰ অন্যান্য ৱাৰ্ডত এই টেষ্ট কৰাৰ সম্ভাৱনা আছে।
Published by:Sanjay Kumar Das
First published: