কোকৰাঝাৰৰ অভয়াখুঁটিত আমগছৰ একেটা ডালতে সন্দেহজনকভাৱে চিপ লৈ ওলমি থকা অৱস্থাত উদ্বাৰ হোৱা দুই কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হৈছিল। আৰক্ষীয়ে ইতিমধ্যে অপৰাধীক চিনাক্ত কৰিছে আৰু ৭জনক এই ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। আজি পুৱতি নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত টুইট কৰি উল্লেখ কৰে– 'কোকৰাঝাৰৰ দুই জনজাতীয় নাবালক ছোৱালীৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনা সমাধান কৰা হৈছে। বিটিআৰৰ আইজিপিয়ে মোক তদন্তৰ ফলাফলৰ বিষয়ে অৱগত কৰিবলৈ ফোন কৰিছিল। মই দেওবাৰে তেওঁলোকৰ বাসগৃহলৈ গৈছিলো। অপৰাধীসকলক চিনাক্ত কৰাত অত্যন্ত সন্তুষ্টি অনুভৱ কৰিছো।'
The rape and murder of two minor tribal Girls have been been solved. @lrbishnoiassam , IGP,BTR called me to inform about the outcome of the investigation. I have visited their residence on Sunday. Feeling extremely a sense of satisfaction that the Culprits have been identified
— Himanta Biswa Sarma (@himantabiswa) June 14, 2021
উল্লেখ্য, যোৱা ১৩ জুনত অভয়াখুঁটিত ১৪ আৰু ১৬ বছৰীয়া দুই কিশোৰীৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছিল। ১৪ জুনত মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰলৈ গৈ তেওঁলোকৰ পৰিয়ালৰ ওচৰত উপস্থিত হৈছিল। ইয়াৰ পিছতে ক্ষিপ্ৰ তদন্তত নামি পৰিছিল আৰক্ষী আৰু নিশাই ঘটনা সন্দৰ্ভত ৭ জনক গ্ৰেপ্তাৰ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|