বিষ্ণুৰাম মেধী চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।আইন মহাবিদ্যালয়খনৰ অধ্যক্ষ অষতোশ কুণ্ড আৰু পত্নী গীতা কুণ্ডৰ বিৰুদ্ধে নিজ জীয়ৰীয়ে আনিলে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত যুৱতীগৰাকীয়ে দাখিল কৰিছে এজাহাৰ। যুৱতীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ২০১৪ চনৰ পৰা পিতৃয়ে যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাই আহিছে। সেইদৰে মাতৃয়ে চলাইছে মানসিক নিৰ্যাতন। আৰক্ষীৰ কাষ চপাৰ কথাৰ ক’লেই যুৱতীগৰাকীক দিয়ে প্ৰাণে মৰাৰ ভাবুকি।
সোমবাৰে যুৱতীগৰাকীয়ে অধ্যক্ষ তথা নিজ পিতৃ অশতোশ কুণ্ডৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। আৰক্ষীয়েও ঘটনাৰ সন্দৰ্ভত দুৱাৰকৈ ভাষ্য গ্ৰহণ কৰে যুৱতীগৰাকীৰ। কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে আটক কৰা নাই আইন মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীক।
ইফালে অভিযোগ উত্থাপিত হোৱাৰ পিছতে অধ্যক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল। অভিযোগৰ কোনো মিমাংসা নোহোৱা পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষ জনক নিলম্বন কৰাৰ দাবী জনাইছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 05, 2020, 11:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।