• Home
  • »
  • News
  • »
  • assam
  • »
  • Teachers Day: ৯ ছেপ্টেম্বৰৰ পৰা ২৩ হাজাৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন, ডিজিটেল শিক্ষাৰ ওপৰত গুৰুত্ব শিক্ষামন্ত্ৰীৰ

Teachers Day: ৯ ছেপ্টেম্বৰৰ পৰা ২৩ হাজাৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন, ডিজিটেল শিক্ষাৰ ওপৰত গুৰুত্ব শিক্ষামন্ত্ৰীৰ

শিক্ষক-শিক্ষয়িত্ৰীয়ে কম্পিউটাৰ শিকাটো হ'ব বাধ্যতামূলক।

শিক্ষক-শিক্ষয়িত্ৰীয়ে কম্পিউটাৰ শিকাটো হ'ব বাধ্যতামূলক।

শিক্ষক-শিক্ষয়িত্ৰীয়ে কম্পিউটাৰ শিকাটো হ'ব বাধ্যতামূলক।

  • Share this:

'দিল্লী, কৰ্ণাটক, মহাৰাষ্ট্ৰৰ নিচিনা অসমৰ শিক্ষক-শিক্ষয়িত্ৰীসকলো হ'ব স্মাৰ্ট।শিক্ষকৰ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে শিক্ষা বিভাগে। লগতে এতিয়াৰে পৰা ডিজিটেল শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ৰাজ্যৰ শিক্ষা বিভাগে।' -দেওবাৰে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত শিক্ষক দিৱসত অংশ লৈ এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।


শিক্ষামন্ত্ৰীয়ে ডিজিটেল শিক্ষাৰ দিশত অনাগত দিনত ইয়াৰ সম্প্ৰসাৰণ কৰা হ'ব আৰু নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব বুলি উল্লেখ কৰে। এইক্ষেত্ৰত ডিজিটেল শিক্ষাৰ ক্ষেত্ৰত Tata Institute of Social Science–এ সহায় কৰিব অসমৰ শিক্ষকসকলক।


ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সহায়ৰ বাবে প্ৰত্যকখন বিদ্যালয়ত ডিজিটেল শ্ৰেণীকোঠা আৰু এটা লেবৰেটেৰী স্থাপন কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। শিক্ষামন্ত্ৰী পেগুৱে অসমৰ আগন্তুক শিক্ষা জগতৰ সংস্কাৰৰ বিষয়ে  জানিবলৈ দি কয়– 'শিক্ষক-শিক্ষয়িত্ৰীয়ে কম্পিউটাৰ শিকাটো হ'ব বাধ্যতামূলক। একেদৰে বিদ্যালয়ত বিজ্ঞান, অংক, ইংৰাজী বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব, ইংৰাজী-অসমীয়া মিশ্ৰিত মাধ্যমযোগে শিক্ষাদানৰ পৰিকল্পনা কৰিছে শিক্ষা বিভাগে। তাৰ বাবে গঠন কৰা হ'ব বিশেষ টাস্ক ফ'ৰ্চ।'


 শিক্ষামন্ত্ৰীয়ে লগতে কয় যে নিজ নিজ বিদ্যালয়ক আগবঢ়াই নিয়াত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰো দায়িত্ব আছে। এইক্ষেত্ৰত অসমৰ স্কুলত পঢ়ি বিশ্বৰ বিভিন্ন প্ৰান্তত শিক্ষকতা কৰা ব্যক্তিসকলৰ সন্ধান কৰিবলৈ শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তক আহ্বান জনায় শিক্ষামন্ত্ৰীয়ে।


আনহাতে শিক্ষাখণ্ডত ৯ ছেপ্টেম্বৰৰ পৰা ২৩ হাজাৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব। ইয়াৰ লগতে ৭৫ বছৰ সম্পন্ন কৰা ২০৯খন শিক্ষানুষ্ঠানলৈ ৩ কোটি টকা প্ৰদান কৰা হ'ব আন্তঃগাঁথনি উন্নয়নৰ বাবে। ২০০৫খন শিক্ষানুষ্ঠানলৈ বাবে ৫০ লাখ টকাকৈ আগবঢ়োৱাৰ কথা উল্লেখ কৰে।

Published by:Gautam Barman
First published: