• Home
  • »
  • News
  • »
  • assam
  • »
  • Hailakandi : অৱহেলাৰ কৰুণ সাক্ষী হৈ আছে প্ৰথম স্বাধীনতা যুদ্ধ চিপাহী বিদ্ৰোহৰ স্মৃতি বিজড়িত এখন ঠাই 'ৰণটিলা'

Hailakandi : অৱহেলাৰ কৰুণ সাক্ষী হৈ আছে প্ৰথম স্বাধীনতা যুদ্ধ চিপাহী বিদ্ৰোহৰ স্মৃতি বিজড়িত এখন ঠাই 'ৰণটিলা'

প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত অৱস্থিত এই ঐতিহাসিক ৰণটিলাত পৰ্যটনস্থলী হিচাপে গঢ়ি উঠাৰ আছে যথেষ্ট থল ৷

প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত অৱস্থিত এই ঐতিহাসিক ৰণটিলাত পৰ্যটনস্থলী হিচাপে গঢ়ি উঠাৰ আছে যথেষ্ট থল ৷

প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত অৱস্থিত এই ঐতিহাসিক ৰণটিলাত পৰ্যটনস্থলী হিচাপে গঢ়ি উঠাৰ আছে যথেষ্ট থল ৷

  • Share this:
১৫ আগষ্টত দেশে পালন কৰিব স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি। চাৰিওফালে এতিয়া স্বাধীনতাৰ অমৃত মহোৎসৱ পালনৰ প্ৰস্তুতি । কিন্তু দেশৰ স্বাধীনতাৰ ইমান বছৰ পিছতো চূড়ান্ত উদাসীনতা আৰু অৱহেলাৰ কৰুণ সাক্ষী হৈ আছে স্বাধীনতাৰ স্মৃতি বিজড়িত এখন স্থান।

হাইলাকান্দি চহৰৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ দূৰত থকা এখন গাঁও মোহনপুৰ। এই মোহনপুৰ গাঁওত আছে এটা বিশেষ ঠাই। নাম "ৰণটিলা"। 'ৰণ' অৰ্থাৎ যুদ্ধৰ পৰাই এই স্থানটোৰ নাম হৈছে ৰণটিলা (Rantila)।

১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলেও দেশৰ স্বাধীনতাৰ আন্দোলন আৰম্ভ হৈছিল ইয়াৰ প্ৰায় ৯০ বছৰ আগতে। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ জৰিয়তে আৰম্ভ হৈছিল দেশৰ স্বাধীনতাৰ যুঁজ। এই ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক দেশৰ প্ৰথম স্বাধীনতাৰ আন্দোলন হিচাপে স্বীকৃতি দিয়া হৈছে ।

চিপাহী বিদ্ৰোহৰ (Revolt of 1857) লগতে অসমৰ আছে এক বৰ্ণিল ইতিহাস। ১৮৫৭ চনৰ ১৮ নৱেম্বৰত দেশৰ আন ঠাইৰ সমান্তৰালকৈ বৰ্তমান বাংলাদেশৰ চট্টগ্ৰামত থকা ৩৪নং দেশীয় পদাতিক বাহিনীয়ে বিদ্ৰোহ ঘোষণা কৰে। পিছতে চট্টগ্ৰামৰ পৰা পলায়ন কৰি এই চিপাহীসকল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত আত্মগোপন কৰে।

সেই সময়তে বৰাক উপত্যকা হৈ মণিপুৰ ৰাজ্যত যোৱাৰ সময়ত হাইলাকান্দি জিলাৰ এই স্থানতে আত্মগোপন কৰিছিলে বহুকেইগৰাকী চিপাহীয়ে। কিন্তু ১৮৫৭ চনৰ ২২ ডিচেম্বৰত ব্ৰিটিছ বাহিনীয়ে ইয়াত আক্ৰমণ চলায়। আৰু ব্ৰিটিছ বাহিনীৰ লগতে হোৱা যুদ্ধত ১২ গৰাকী সৈনিকে মৃত্যুবৰণ কৰে। ইয়াৰ পিছৰ পৰাই স্থানীয় লোকসকলে এই স্থানক "ৰণটিলা" নামে আখ্যায়িত কৰিবলৈ আৰম্ভ কৰে ।

কিন্তু স্বাধীনতাৰ ইমান বছৰ পিছতো উদাসীনতা আৰু অৱহেলাৰ সাক্ষী হৈ আছে এই ঐতিহাসিক স্থান । আজিলৈকে কোনো এখন চৰকাৰে এই স্থানৰ উন্নয়ন বা সংৰক্ষণৰ বাবে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ। ২০০৪ চনতে স্থানীয় লোকসকলে নিজস্ব প্ৰচেষ্টাত স্থাপন কৰিছিলে এটা স্মৃতিসৌধ।

প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত অৱস্থিত এই ঐতিহাসিক ৰণটিলাত পৰ্যটনস্থলী হিচাপে গঢ়ি উঠাৰ আছে যথেষ্ট থল ৷ কিন্তু কোনো এখন চৰকাৰেও দেশৰ প্ৰথম স্বাধীনতা আন্দোলনৰ স্মৃতি বিজড়িত এই স্থানক লৈ প্ৰদান কৰা নাই গুৰুত্ব ৷ ঐতিহাসিক স্মৃতি বিজড়িত তথা চাৰিওফালে সেউজ প্ৰকৃতিয়ে সৃষ্টি কৰা নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ ৰণটিলাক লৈ চৰকাৰে পৰ্যটন ক্ষেত্ৰ গঢ়ি তুলিলে চিপাহী বিদ্ৰোহৰ ইতিহাসেও পাব ন-ৰূপ ৷ এইক্ষেত্ৰত প্ৰয়োজন মাথোঁ চৰকাৰ আৰু পৰ্যটন বিভাগৰ সু-দৃষ্টিৰ ৷
Published by:Gautam Barman
First published: