• Home
  • »
  • News
  • »
  • assam
  • »
  • Painting Exhibitions in Kalakshetra : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰে সংগতি ৰাখি ননী বৰপূজাৰীৰ ১০০খন চিত্ৰপ্ৰদৰ্শনী

Painting Exhibitions in Kalakshetra : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰে সংগতি ৰাখি ননী বৰপূজাৰীৰ ১০০খন চিত্ৰপ্ৰদৰ্শনী

চিত্ৰশিল্পৰ প্ৰসাৰ আৰু প্ৰচাৰৰ এক সংস্কৃতি ৰাজ্যত গঢ়ি উঠাৰ পোষকতা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

চিত্ৰশিল্পৰ প্ৰসাৰ আৰু প্ৰচাৰৰ এক সংস্কৃতি ৰাজ্যত গঢ়ি উঠাৰ পোষকতা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

চিত্ৰশিল্পৰ প্ৰসাৰ আৰু প্ৰচাৰৰ এক সংস্কৃতি ৰাজ্যত গঢ়ি উঠাৰ পোষকতা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

  • Share this:
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠানৰ লগত সংগতি ৰাখি কলাক্ষেত্ৰত অনুষ্ঠিত হয় বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীৰ চিত্ৰকৰ্মৰ একক প্ৰদৰ্শনী।

বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰূপালী জয়ন্তী বৰ্ষৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ পিছতে বিয়লি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে চিত্ৰশিল্পী ননী বৰপূজাৰীৰ চিত্ৰ কৰ্মৰ একক প্ৰদৰ্শনীখন।

প্ৰদৰ্শনীখনত শিল্পীগৰাকীয়ে ৬ টা দশক ধৰি অংকন কৰা ১০০ খন চিত্ৰ প্ৰৰ্দশন কৰা হয়। চিত্ৰপ্ৰদৰ্শনী উদ্বোধন কৰিবলৈ অহা শিক্ষামন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সকলো কাৰ্যকৰ্তাক অভিনন্দন জ্ঞাপন কয় যে এই চিত্ৰ প্ৰদৰ্শনীখন আজিৰ পৰা এমাহলৈ চলিব আৰু সকলো চিত্ৰকলা প্ৰেমীয়ে বিশিষ্ট শিল্পীগৰাকীৰ বিশেষ ১০০খন চিত্ৰ প্ৰদৰ্শন কৰা উচিত। তেওঁ চিত্ৰশিল্পৰ প্ৰসাৰ আৰু প্ৰচাৰৰ এক সংস্কৃতি ৰাজ্যত গঢ়ি উঠাৰ পোষকতা কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি