মমিনুল আৱালক ৰাজ্যিক বিজেপিৰ মুখপাত্ৰৰ দায়িত্বৰ পৰা অব্যাহতি, কাৰ ৰোষত পৰিল আৱাল?
News18-Assam Updated:August 27, 2019, 4:37 PM IST

মমিনুল আৱালৰ দৰে নেতাক বলিৰ পঠা সজালে নেকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে?
মমিনুল আৱালৰ দৰে নেতাক বলিৰ পঠা সজালে নেকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে?
- News18 Assam
- Last Updated: August 27, 2019, 4:37 PM IST
দীৰ্ঘদিন ধৰি বাংলাদেশী মুছলমানৰ বিৰুদ্ধে আৰু খিলঞ্জীয়া মুছলমানৰ স্বাৰ্থত বিনাদ্বিধাই মাত মতা বিজেপি নেতা মমিনুল আৱালক মুখপাত্ৰৰ দায়িত্বৰ পৰা অব্যাহতি দিছে নেতৃত্বই ৷ কাৰণ এটাই, ২১টা সংগঠনক লৈ বৈঠক কৰিছিল মমিনুল আৱালে ৷
খিলঞ্জীয়া মুছলমানৰ স্বাৰ্থত মাত মতা মমিনুল আৱালে অসম চুক্তিৰ ৬নং দফাৰ জৰিয়তে খিলঞ্জীয়াৰ বাবে সংৰক্ষণ বিচাৰিছিল ২১টা বিধানসভা সমষ্টিৰ জনিয়া, বাঘবৰ, ধিং, চেঙা, ৰূপহীহাটকে ধৰি ২১টা বিধানসভা সমষ্টি সংৰক্ষণৰ বাবে মমিনুল আৱালে কৰা বৈঠকে সভাপতি ৰঞ্জিত দাসৰ ঘনিষ্ঠ আমছুৰ জন্ম দাতা সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানক আঘাত দিলে ৷ মুক্তাৰ হুছেইন খানৰ আঘাত উপশমৰ দায়িত্ব লৈ ৰণজিত্ দাসে বলিৰ পঠা সজালে মমিনুল আৱালক !