২০২১ত ‘বিজেপি+ = ১০০+’, সভাপতি হিচাপে দ্বিতীয় ইনিংছ আৰম্ভ কৰিয়েই সংকল্প ৰণজিৎ দাসৰ

News18 Assam | News18-Assam
Updated:January 25, 2020, 10:39 AM IST
২০২১ত ‘বিজেপি+ = ১০০+’, সভাপতি হিচাপে দ্বিতীয় ইনিংছ আৰম্ভ কৰিয়েই সংকল্প ৰণজিৎ দাসৰ
Source-Google

প্ৰথমটো ইনিংছ সফলতাৰে সামৰি দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে।

  • Share this:
ৰাজ্যিক বিজেপিৰ সভাপতিৰ গুৰু দায়িত্ব দ্বিতীয়বাৰৰ বাবে গ্ৰহণ কৰিলে ৰণজিৎ কুমাৰ দাসে ৷ ২০১৬ চনৰ ১৬ ডিচেম্বৰত প্ৰথমটো ইনিংছ আৰম্ভ কৰি সফলতাৰে ইনিংছ সামৰাৰ পিছত কেন্দ্ৰীয় নেতৃত্বই ৰণজিৎ দাসৰ ওপৰত ন্যস্ত কৰিলে দ্বিতীয়টো কাৰ্যকালৰ দায়িত্ব ৷

শনিবাৰে পুৱাই চৰকাৰী বাসগৃহৰ পৰা পত্নীয়ে  দিয়া আহাৰ গ্ৰহণ কৰি সমষ্টিবাসীৰ কাষ পালেগৈ ৰণজিৎ দাস ৷ NEWS18ৰ সাংবাদিক ৰাজু বৰুৱাৰে হোৱা সাক্ষাৎকাৰত ৰণজিৎ দাসে ক'লে, "১৯৯২চনৰে পৰা মই জড়িত হৈ আছো বিজেপিৰে ৷ সাংবাদিকতাৰে কেৰিয়াৰ আৰম্ভ কৰি সামাজিক জীৱনৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰাৰ হেতু ৰাজনীতি মোৰ বাবে কঠিন নাছিল ৷ ২০০৫চনত প্ৰয়াত প্ৰমোদ মহাজন ডাঙৰীয়াৰ আহ্বানত মই আৰম্ভ কৰিলো সক্ৰিয় ৰাজনীতি ৷ সৰভোগ সমষ্টিটো দুৰ্গ আছিল বাওঁ দলৰ ৷ কিন্তু সমষ্টিবাসীৰ মৰম আদৰ লাভ কৰি ২০১১চনত মই জয়ী হ'লো সৰভোগত ৷ সেয়াই আৰম্ভণি ৷ দলীয় কাৰ্যকৰ্তাইও মোক দিয়া মৰমৰ বাবে তথা জ্যেষ্ঠ জনৰ আশীৰ্বাদত মই বিধানসভাৰ অধ্যক্ষ হোৱাৰো সুযোগ পালো ৷ দলে যি দায়িত্ব দিছে তাকে মই নিষ্ঠাৰে পালন কৰাৰ সদায় যত্ন কৰি আহিছো ৷ দলে সভাপতিৰ দায়িত্ব অৰ্পন কৰাত সেই দায়িত্বও পালন কৰিলোঁ ৷ দলে এতিয়া দ্বিতীয় কাৰ্যকালৰ বাবে দায়িত্ব দিছে, মই পূৰ্বতকৈও অধিক জোৰ দিম কামত ৷"

প্ৰতিদিনে ব্যস্ত স্বামীক পুৱাৰ আহাৰ যুগুতাই দি পত্নীয়ে ক'লে "উপাই নাই ৷ সময় দিবলৈ যত্ন কৰিও নোৱাৰে তেওঁ ৷ চেষ্টা কিন্তু কৰে ৷ বেয়া নাপাওঁ ৷ আজি আমাৰ দুটাকৈ সন্তানৰ জন্ম দিন ৷ দুয়োটা বালিপাৰাৰ অসম ভেলীত পঢ়ে ৷ মই এওঁক কৈছো গৰখীয়া থানত সিহঁত দুটাৰ বাবেও যাতে চাকী এগছি জ্বলাই ৷"

ৰণজিৎ দাসৰ দ্বিতীয় ইনিংছক লৈ আশাবাদী মঙলদৈৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া ৷ দিলীপ শইকীয়াৰ স্পষ্ট কথা, "দলে এজন ভাল নেতা লাভ কৰিছে ৷ ক্ৰিকেটত যিদৰে এজন ভাল কেপ্টেইন লাগে ঠিক একেদৰে ৰাজনৈতিক দল এটাকো ৷ ৰণজিৎ দাস ভাল কেপ্টেইন ৷ তেওঁৰ নেতৃত্বত আমি বহুকেইটা নিৰ্বাচন সফলতাৰে পাৰ কৰিছো ৷ পৰিষদীয় নিৰ্বাচন প্ৰতিটোতে তেওঁৰ নেতৃত্বত আমি জয়ী হ'লো ৷ পঞ্চায়ত নিৰ্বাচনতো আমি ভাল ফল দেখুৱালো ৷ ২০২১ৰ নিৰ্বাচনতো বিজেপি = ১০০ হ'ব ৷"
Published by: Himangshu Bhuyan
First published: January 25, 2020, 10:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading