মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Police: ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শ্বাহ আলমৰ আন এক ক'লা অধ্যায় পোহৰলৈ, দুই সহযোগী গ্ৰেপ্তাৰ

Assam Police: ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শ্বাহ আলমৰ আন এক ক'লা অধ্যায় পোহৰলৈ, দুই সহযোগী গ্ৰেপ্তাৰ

বামুণীমৈদাম, বৰা ছাৰ্ভিচত সংঘটিত ডকাইতিৰ লগত জড়িত শ্বাহ আলমৰ দুই সহযোগী পল্টনবজাৰ আৰক্ষীৰ জিম্মাত

বামুণীমৈদাম, বৰা ছাৰ্ভিচত সংঘটিত ডকাইতিৰ লগত জড়িত শ্বাহ আলমৰ দুই সহযোগী পল্টনবজাৰ আৰক্ষীৰ জিম্মাত

বামুণীমৈদাম, বৰা ছাৰ্ভিচত সংঘটিত ডকাইতিৰ লগত জড়িত শ্বাহ আলমৰ দুই সহযোগী পল্টনবজাৰ আৰক্ষীৰ জিম্মাত

  • Share this:

পাঞ্জাবাৰী পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শ্বাহ আলমৰ দুই সহযোগী পল্টনবজাৰ আৰক্ষীৰ জিম্মাত৷ বিগত বৰ্ষৰ জানুৱাৰী মাহত পল্টবজাৰ থানা এলেকাৰ বৰা ছাৰ্ভিচত সংঘটিত হৈছিল ধন কাঢ়ি লোৱা এক ঘটনা। এই ঘটনাত জড়িত দুই অভিযুক্তক আজি জিম্মাত ল'লে পল্টনবজাৰ আৰক্ষীয়ে (Paltanbazar Police) ৷


২০২২ চনত বৰা ছাৰ্ভিচত থকা ইণ্ডেন গেছ এজেঞ্চীৰ কৰ্মচাৰীয়ে বেংকত ধন জমা দিবলৈ যাওঁতে মটৰচাইকেলত হেলমেট পিন্ধি অহা চাৰি দুৰ্বৃত্তই লুটি নিছিল ৪ লাখ ৪ হাজাৰ ৪২০ টকা ৷ আৰক্ষীয়ে প্ৰায় এবছৰতকৈ অধিক দিন ঘটনাৰ তদন্ত চলাই তথা চিচি কেমেৰাৰ ভিজুৱেলছ প্ৰত্যক্ষ কৰাৰ পিছতো পোৱা নাছিল অপৰাধীৰ কোনো শুংসূত্ৰ ৷


কিন্তু ৰঞ্জিত বৰাৰ হত্যাকাণ্ড (Ranjit Bora Murder Case)ত জড়িত গেং অৱ ছিক্সৰ ৫জনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে আৰক্ষীৰ হাতলৈ আহিল এই ঘটনাৰ আঁৰৰ দুৰ্বৃত্ত। এই ঘটনাত জড়িত থকাৰ অভিযোগত বিপুল দাস আৰু প্ৰমথেশ দিহিঙীয়া ওৰফে পাপু নামৰ দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে। বৰা ছাৰ্ভিচৰ পদ্মজা গেছ এজেঞ্জীৰ ডকাইতিত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰো জড়িত আছিল৷ অকল এয়াই নহয় গুৱাহাটীত সংঘটিত বহু ডকাইতি কাণ্ডৰ তথ্য পোহৰলৈ আহিছে বুলি জানিবলৈ দি আৰক্ষীয়ে ২০১৯ চনত সাতগাঁওৰ জুৱেলাৰীৰ ডকাইতি কাণ্ডতো আজি গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত জড়িত আছিল বুলি উল্লেখ কৰে।


বৰ্তমানলৈকে মহানগৰ আৰক্ষীয়ে এই দুই অভিযুক্ত দুটা ডকাইতিৰ ঘটনাৰ লগত জড়িত থকাৰ প্ৰমাণ পাইছে ৷ কিন্তু ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমৰ আছে ৰাজ্যৰ বিভিন্ন স্থানত সহযোগী ৷ সেই অপৰাধীৰ লগ লাগি শ্বাহ আলমৰ নেতৃত্বত চলিছিল ৰাজ্যজুৰি ডকাইতিৰ ঘটনা ৷ মহানগৰ আৰক্ষীয়ে শ্বাহ আলম তালুকদাৰৰ গেঙৰ আন সদস্যই গুৱাহাটীৰ আন কোন স্থানত ডকাইতিৰ ঘটনা সংঘটিত কৰিছে তাৰ তথ্য সংগ্ৰহ কৰিছে ৷ বৰ্তমান দিছপুৰ আৰক্ষীৰ জিম্মাত থকা শ্বাহ আলমক পল্টনবজাৰ আৰক্ষীয়ে নিজৰ জিম্মা ল'ব ৷

শেহতীয়া বাতৰি