পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাৰ অভিযোগত এজনক কৰায়ত্ত। মৰিগাঁৱৰ পৰা আমিৰ নামক এজনক আটক। DCP সুধাকৰ সিঙৰ নিৰ্দেশত আমিৰক আটক কৰা হয়। আমিৰৰ শহুৰেকৰ ঘৰতো চলিছিল আৰক্ষীৰ অভিযান। মৰিগাঁৱত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে নিজৰ জিম্মাত লয় আমিৰক। ১৫ দিন পূৰ্বে দিন দুপৰতে মহানগৰীৰ পাঞ্জাবাৰীত ৰঞ্জিত বৰাক গুলীয়াই হত্যা কৰিছিল দুই অস্ত্ৰধাৰী দুৰ্বৃত্তই। দিন দুপৰতে সংঘটিত হৈছিল এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা।