মুখ্যপৃষ্ঠা »খবৰ »অসম »Ranjit Bora Murder Case: ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ চি জে এম আদালতত

Ranjit Bora Murder Case: ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ চি জে এম আদালতত

এই হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইন্ড শ্বাহ আলম তালুকদাৰ

এই হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইন্ড শ্বাহ আলম তালুকদাৰ

এই হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইন্ড শ্বাহ আলম তালুকদাৰ

  • Share this:

মহানগৰীৰ পাঞ্জাবাৰীৰ পূৰৱী ডায়েৰীৰ সন্মুখত সংঘটিত নৃশংস হত্যাকাণ্ডৰ মূল নায়ক শ্বাহ আলম তালুকদাৰক ৭ দিনৰ ন্যায়িক জিম্মাত দিয়া হৈছে। ডায়েৰীৰ ধন বেংকত জমা দিবলৈ অহা বিতৰক ৰঞ্জিত বৰাৰ পৰা বেগ নিবলৈ চেষ্টা কৰি ডকাইত আলমে কোনো কাৰণত বেগ এৰি নিদিবলৈ মান্তি নোহোৱাত বৰাক গুলীচালনা কৰিছিল ৷


গুৱাহাটী, কামৰূপ গ্ৰাম্য আৰু নলবাৰী আৰক্ষীৰ যৌথ প্ৰচেষ্টাত প্ৰায় দুমাহৰৰ অন্তত হত্যাকাৰীৰ লগতে ৫জনীয়া গেঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনাত ব্যৱহূত AS-01 AQ 4064 নম্বৰৰ গ্লেমাৰ বাইকখনো উদ্ধাৰ কৰে।


এই হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইন্ড শ্বাহ আলম তালুকদাৰক সোমবাৰে হাজিৰ কৰোৱা হয় চিজেএম ক'ৰ্টত। মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক আদলতে ৭ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

শেহতীয়া বাতৰি