একে সময়তে বিটিচিৰ দুটা আঞ্চলিক ৰাজনৈতিক দলৰ লগত মিত্ৰতা সম্ভৱ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে পূৰ্বৰে পৰাই বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা নাছিল।
একে সময়তে বিটিচিৰ দুটা আঞ্চলিক ৰাজনৈতিক দলৰ লগত মিত্ৰতা সম্ভৱ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে পূৰ্বৰে পৰাই বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা নাছিল।
কংগ্ৰেছৰ লীডাৰ যিখিনি আহিল আহিলেই ৷ এতিয়া কংগ্ৰেছৰ লীডাৰৰ বাবে বিজেপিৰ দুৱাৰ বন্ধ৷ কিন্তু কংগ্ৰেছৰ কেডাৰৰ বাবে বিজেপিৰ দুৱাৰ খোলা আছে৷ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ৷ বুধবাৰে বৰপেটাৰোডত বিজেপিৰ এক ৰাজনৈতিক সভাত অংশ লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে আৰু কয় কংগ্ৰেছৰ বিধায়ক তথা নেতাবোৰে বিজেপিলৈ নাহিলে সভাপতি ৰণজিৎ কুমাৰ দাসে সন্তুষ্টি পাব৷
তাৰোপৰি যদি কংগ্ৰেছৰ কোনোবা লীডাৰ নতুবা বিধায়ক বিজেপিলৈ আহিব বিচাৰে তেন্তে বিজেপিয়ে গঠন কৰি দিয়া স্ক্ৰীণিং কমিটীয়ে অনুমোদন দিলেহে বিজেপিত যোগদান কৰিব পাৰিব বুলিও মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে৷ আগন্তুক নিৰ্বাচনত অগপৰ আৰু ইউ পি পি এলৰ লগত মিত্ৰতা থাকিব বুলি উল্লেখ কৰি ৰণজিৎ কুমাৰ দাসে কয়, ‘‘অগপক পূৰ্বে দিয়া আসনতকৈ এইবাৰ হ্ৰাসো পাব পাৰে বৃদ্ধিও হ’ব পাৰে৷’’
একে সময়তে বিটিচিৰ দুটা আঞ্চলিক ৰাজনৈতিক দলৰ লগত মিত্ৰতা সম্ভৱ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে পূৰ্বৰে পৰাই বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা নাছিল। বিগত ২০১৬ চনত অসম চৰকাৰৰ লগতহে বিপিএফ দলৰ মিত্ৰতা আছিল৷ বিপিএফ দলৰ এম এল এ হ’বলৈহে বিপিএফ দলে চৰকাৰৰ লগত মিত্ৰতা কৰিছিল৷ কিন্তু চৰকাৰে তেওঁলোকক তিনিটাকৈ মন্ত্ৰিত্বও দিছে৷
বিপিএফৰ বিগত কাৰ্যকালত বিটিচিত বিজেপিৰ এজন এম চি এল এ আছিল, কিন্তু সেইজনকো বি পি এফে ই এম দিয়া নাছিল বুলি ৰণজিৎ কুমাৰ দাসে ক্ষোভ প্ৰকাশ কৰে৷ সেয়ে বিপিএফে মিত্ৰতা পূৰ্বেই ভঙ্গ কৰি বিগত পঞ্চায়ত নিৰ্বাচনত সৰভোগ ৰঙিয়া ভৱানীপুৰ আদি সমষ্টিৰ লগতে বিভিন্ন সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী দিছিল বুলি উল্লেখ কৰে৷
তাৰোপৰি বিগত পৰিষদীয় নিৰ্বাচনত বিজেপিক একো নোসোধাকৈ বিপিএফে বিটিচিত বিজেপিৰ বাবে মাত্ৰ দুখন আসন এৰি দিয়াত বিজেপিয়ে ক্ষোভিত হৈ নিজাববীয়াকৈ ২৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি তিনি লক্ষাধিকতকৈ অধিক ভোট লাভ কৰিবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে ৰণজিৎ কুমাৰ দাসে৷
সেয়ে আগন্তুক নিৰ্বাচনত বিপিএফৰ লগত মিত্ৰতাৰ প্ৰশ্নই নুঠে বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে৷ বিজেপিৰ এই ৰাজনৈতিক সভাত নৱ নিযুক্ত ই এম গৌতম কুমাৰ দাসসহ কেবাজনো বিজেপি নেতা উপস্থিত আছিল৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|