বিজেপিৰ নেতৃত্বত এইবাৰ গঠন হ’ব বিটিচি পৰিষদ, তামুলপুৰত ক’লে ৰণজিত কুমাৰ দাসে

বিপিএফৰ সৈতে মিত্ৰতা থকাৰ পিছতো বিটিচিত বিজেপিয়ে অকলে নিৰ্বাচন খেলা সন্দৰ্ভতো বিজেপি সভাপতিগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
বিপিএফৰ সৈতে মিত্ৰতা থকাৰ পিছতো বিটিচিত বিজেপিয়ে অকলে নিৰ্বাচন খেলা সন্দৰ্ভতো বিজেপি সভাপতিগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
- News18 Assam
- Last Updated: November 2, 2020, 8:46 AM IST
দেওবাৰে সন্ধিয়া তামুলপুৰত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী৷ পিছত মহকুমাটোৰ অন্তৰ্গত ২৮নং গয়বাৰী আৰু ২৬নং দৰঙাজুলি সমষ্টিত দলীয় কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰি ৰণজিত কুমাৰ দাসে৷ বিজেপি কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি ৰণজিত কুমাৰ দাসে কয় যে আজিৰে পৰাই আমি বিটিচি পৰিষদীয় নিৰ্বাচনৰ ৰণডংকা বজাইছো। বাক্সা জিলাৰ পৰাই, গয়বাৰী সমষ্টিৰ পৰাই আমি ৰণডংকা বজাইছো। এইবাৰ বিজেপি দলৰ নেতৃত্বত বিটিচি পৰিষদ গঠন হ’ব।
তেওঁ কয় বিজেপিৰ নেতৃত্বত বা অংশীদাৰিত্বত বিটিচি পৰিষদ গঠন হ’লে ৰাইজে ন্যায় পাব। এই সন্দৰ্ভত ৰাজ্যিক সভাপতিগৰাকীয়ে নিৰ্বাচনৰ আগমুহূৰ্তলৈ সমগ্ৰ বিটিচিত পাঁচ শতাধিক সভা অনুষ্ঠিত হ’ব বুলিও জানিবলৈ দিয়ে৷ আনহাতে, বিপিএফৰ সৈতে মিত্ৰতা থকাৰ পিছতো বিটিচিত বিজেপিয়ে অকলে নিৰ্বাচন খেলা সন্দৰ্ভতো বিজেপি সভাপতিগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ কয় পঞ্চায়ত নিৰ্বাচনত বিপিএফে মোৰ লগতে মুখ্যমন্ত্ৰীৰ সমষ্টিতো নিৰ্বাচন খেলিছিল ৷ এইবোৰ সৰু সৰু নিৰ্বাচন৷ আমি বিটিচি পৰিষদো দখল কৰিব বিচাৰো৷ উল্লেখ্য যে দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰি সভাপতিগৰাকীয়ে সকলোকে নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লবলৈ আহ্বান জনায়৷