ৰিপুণ বৰাক প্ৰত্যাহ্বান জনাই ৰণজিত দাসৰ ঘোষণা – চৰকাৰ গঠন কৰিব নোৱাৰিলে ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ ল’ম।
ৰিপুণ বৰাক প্ৰত্যাহ্বান জনাই ৰণজিত দাসৰ ঘোষণা – চৰকাৰ গঠন কৰিব নোৱাৰিলে ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ ল’ম।
আগন্তক বিধানসভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলে সক্ৰিয় ৰাজনীতিৰ পৰা বিদায় ল’ব বিজেপি ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসে। পলাশবাৰী সমষ্টিৰ বৰিহাতত শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ভাস্কৰ্য শিল্পী বিজু কুমাৰ দাসে মাতৃৰ নামত নিৰ্মাণ কৰিব উলিওৱা শিশু উদ্যানৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি এনেদৰে মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসে।
ৰিপুণ বৰাক প্ৰত্যাহ্বান জনাই ৰণজিত দাসৰ ঘোষণা – চৰকাৰ গঠন কৰিব নোৱাৰিলে ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ ল’ম। গতিকে ৰিপুণ বৰাই কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব নোৱাৰিলে ৰাজনৈতিকভাৱে অৱসৰ ল’বনে বুলি প্ৰশ্ন কৰে ৰণজিত দাসে।
আনহাতে ৰিপুণ বৰাই আগন্তুক নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে বিজেপি চৰকাৰে মহিলাসকলক দিম বুলি কোৱা ৮৫০ টকাৰ পৰিৱৰ্তে ৭৫০০ টকাকৈ দিম বুলি যি ঘোষণা কৰিলে, সেই ঘোষণাক কটাক্ষ কৰে ৰণজিত দাসে। তদুপৰি আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ দখলত থকা কোন কোন সমষ্টিত বিজেপি জয়ী হ’ব সেয়াও এফালৰ পৰা কৈ গ’ল বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।
বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে AIUDF জন্ম হৈছে বিদেশীৰ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে। কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাই বিজেপিৰ আশীৰ্বাদ স্বৰূপ হ’লে পশ্চিম অসমত চাৰি–পাঁচখন আসনত বিজেপিৰ বাবে কিছু ক্ষতি হ’লেও উজনি অসমত নাওবৈচা, মৰিয়নী, তিতাবৰ, নাজিৰা, শিৱসাগৰ, গোলাঘাট আৰু ডুমডুমা সমষ্টি দখল কৰিব বিজেপিয়ে। বিজেপিয়ে ১০০ৰ অধিক লাভ কৰাৰ বাবে ইতিমধ্যেই মাইক্ৰ’ লেভেলৰ মাইক্ৰ’ পদ্ধতিৰ কাম আৰম্ভ কৰিছে বুলি কয় দাসে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|