কথা আৰু কামৰ মাজত ৰঞ্জিত কুমাৰ দাসৰ কোনো মিল নথকাৰ অভিযোগ তোলা উদ্ধৱ বৰ্মনে সমষ্টিটোত এইবাৰ তেওঁৰ পৰাজয় এশ শতাংশই নিশ্চিত বুলি উল্লেখ কৰে।
কথা আৰু কামৰ মাজত ৰঞ্জিত কুমাৰ দাসৰ কোনো মিল নথকাৰ অভিযোগ তোলা উদ্ধৱ বৰ্মনে সমষ্টিটোত এইবাৰ তেওঁৰ পৰাজয় এশ শতাংশই নিশ্চিত বুলি উল্লেখ কৰে।
সৰভোগ বিধানসভা সমষ্টি হ’ল চিপিআই(এম)ৰ দুৰ্গ। এই সৰভোগ সমষ্টিৰ পৰা ৰঞ্জিত দাসে আৰু কেতিয়াও বিধায়ক হ’ব নোৱাৰে। এই দাবী প্ৰবীণ বাওপন্থী নেতা, বৰপেটা সমষ্টিৰ দুবাৰৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মনৰ।
২০০৬ চনত সৰভোগ সমষ্টিৰ পৰা বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হোৱা উদ্ধৱ বৰ্মনে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক চোকা ভাষাৰে সমালোচনা কৰে।
কথা আৰু কামৰ মাজত ৰঞ্জিত কুমাৰ দাসৰ কোনো মিল নথকাৰ অভিযোগ তোলা উদ্ধৱ বৰ্মনে সমষ্টিটোত এইবাৰ তেওঁৰ পৰাজয় এশ শতাংশই নিশ্চিত বুলি উল্লেখ কৰে।
"আমি সৰভোগ সমষ্টিত পাঁচবাৰকৈ জয়ী হৈছো, শেষৰ বাৰৰ বাবে ২০০৬ চনত সমষ্টিটোত মই বিধায়ক আছিলো, এই সমষ্টিটো এইবাৰ আমি পুনৰুদ্ধাৰ কৰিম" – News18ৰ আগত এই মন্তব্য কৰে চিপিআই(এম)ৰ বৰ্ষীয়ান নেতা উদ্ধৱ বৰ্মনে।
অৱশ্যে উদ্ধৱ বৰ্মনে তেওঁ আৰু আনগৰাকী প্ৰবীণ নেতা হেমেন দাসে নিৰ্বাচন নেখেলে বুলিও সদৰি কৰে। বিৰোধী মহাজোঁটত থাকি সমষ্টিটো উদ্ধাৰ কৰিব চিপিআই(এম)–এ। কেৱল সৰভোগেই নহয়, চিপিআই(এম)ৰ চকু ৰঙাপাৰা, শদিয়া, শিৱসাগৰ আৰু ৰঙিয়াকে আদি কৰি আন কেবাটাও সমষ্টিত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|