মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্য চৰকাৰৰ পক্ষত ৰায় দিবলৈ সেই সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃক হেঁচা প্ৰয়োগ কৰিছিল। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ (Ranjan Gogoi)য়ে।
তেওঁ বুধবাৰে নতুন দিল্লীত মুকলি কৰা আত্মজীৱনী Justice for The Judge – An Autobiographyত লিখিছে – তেওঁ ২০০৪–০৫চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত (Guwahati high court) চৰকাৰী নিযুক্তি সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল । তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ (CM Tarun Gogoi)য়ে চৰকাৰৰ পক্ষত ৰায় দিবলৈ ৰঞ্জন গগৈৰ মাতৃক হেঁচা প্ৰয়োগ কৰিছিল ।
তৰুণ গগৈৰ নির্দেশত ৰঞ্জন গগৈৰ মাতৃক ডিব্ৰুগড়ৰ পৰা বিমানযোগে গুৱাহাটীলৈ লৈ অনা হৈছিল। মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰঞ্জন গগৈৰ মাতৃক তৰুণ গগৈয়ে এই বিষয়ে অৱগত কৰি অস্বস্তিত পেলাইছিল বুলিও লিখিছে ৰঞ্জন গগৈয়ে। অৱশ্যে মাতৃয়ে ন্যায়াধীশ গগৈয়ে গোচৰটোৰ ৰায়দান কৰাৰ পিছতহে এই বিষয়ে তেওঁক জনাইছিল বুলিও আত্মজীৱনীত লিখে । উল্লেখযোগ্য যে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ আজি জীৱিত অৱস্থাত নাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ।
আনহাতে, ৰঞ্জন গগৈয়ে নিজৰ গ্ৰন্থত উচ্চতম ন্যায়ালয়ত তেওঁ শুনানি গ্ৰহণ কৰা কেতবোৰ অমীমাংসিত বিষয়তো মন্তব্য দিয়ে । তেওঁৰ মতে কোনেও হেনো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিচৰা নাছিল ! উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰি সাংবিধানিক দায়িত্ব পালন কৰিছে । NRCৰ শুনানি এতিয়াও চলি আছে ।
অযোধ্যা ভূমি বিবাদৰ চূড়ান্ত ৰায় প্ৰদান কৰাৰ পিছত তেওঁ কি কৰিছিল সেই বিষয়েও সবিশেষ বৰ্ণনা কৰিছে গগৈয়ে। ৰায় প্ৰদান কৰাৰ দিনা সন্ধিয়া সাংবিধানিক বিচাৰপীঠৰ আন ৪জন ন্যায়াধীশক সপ্ত-তাৰকা হোটেললৈ লৈ গৈ সুৰাৰে আপ্যায়ন কৰিছিল গগৈয়ে; Chinese Foodৰে নৈশ ভোজ গ্ৰহণ কৰিছিল। ২০১৯ চনৰ নৱেম্বৰত অৱসৰৰ কিছুদিন পূৰ্বে তেতিয়াৰ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠন হোৱা ৫জনীয়া সাংবিধানিক বিচাৰপীঠে চূড়ান্ত ৰায় প্ৰদান কৰি ৰাম মন্দিৰ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিছিল ।
তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ উত্থাপন হোৱাৰ পিছত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ গঠন হোৱা বিচাৰপীঠখনৰ নেতৃত্ব লোৱাটো তেওঁৰ ঐতিহাসিক ভুল আছিল বুলিও অভিহিত কৰে ৰঞ্জন গগৈয়ে ।
উল্লেখযোগ্য যে গ্ৰন্থ মুকলি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীৰ ভূয়সী প্ৰশংসা কৰে গগৈয়ে । তেওঁ কয় – অসমক তেওঁৰ নিচিনা মুখ্যমন্ত্ৰী লাগে। শৰ্মা এজন সুদক্ষ অধিবক্তা হ’বও পাৰিলে হৈ বুলি ৰগৰ কৰে গগৈয়ে। দিল্লীত বুধবাৰে অনুষ্ঠিত হোৱা আত্মজীৱনী উন্মোচনৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল। গ্ৰন্থ উন্মোচন কৰিছিল দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।