এইবাৰ হাত এৰি পদুমত ধৰিব ভৰত নৰহ আৰু ৰাণী নৰহে!

বুধবাৰে বিজেপিত যোগদানৰ সম্ভাৱনা ভৰত নৰহ- ৰাণী নৰহৰ

News18-Assam
Updated:August 6, 2019, 10:14 PM IST
এইবাৰ হাত এৰি পদুমত ধৰিব ভৰত নৰহ আৰু ৰাণী নৰহে!
Source-Google
News18-Assam
Updated: August 6, 2019, 10:14 PM IST
বিদেশী বহিষ্কাৰৰ সপোন দেখুৱাই প্ৰথমে অসম গণ পৰিষদ, পিছত কংগ্ৰেছ দলত যোগদান কৰি তৰুণ গগৈৰ মন্ত্ৰীসভাৰ জলসম্পদ মন্ত্ৰী!  বিভাগ চলোৱাত চুড়ান্ত ভাবে ব্যৰ্থ হৈ জলসম্পদ বিভাগ হেৰুৱাই যুৱ কল্যান বিভাগৰ মন্ত্ৰী হোৱা ভৰত নৰহ এইবাৰ সাজু কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিবলৈ। ঢকুৱাখনা সমষ্টিক দ্বিতীয় দিচপুৰ কৰাৰ সপোন দেখুৱাই দীৰ্ঘদিন ধৰি বিধায়ক নিৰ্বাচিত হৈ সমষ্টিৰ উন্নয়নত চুড়ান্ত ভাৱে ব্যৰ্থ হোৱা ভৰত নৰহে ইতিমধ্যে বিজেপিৰ ৰাজ্যিক নেতৃত্বৰে অব্যাহত ৰাখিছে যোগাযোগ।

ভৰতৰ লগত গেৰুৱা বসন পিন্ধিবলৈ সাজু পত্নী তথা ৰাজ্যসভাৰ কংগ্ৰেছী সাংসদ, লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাণী নৰহ। লোকসভাৰ সাংসদ হিচাপেও ৰাণী নৰহ চুড়ান্ত ভাবে ব্যৰ্থ হোৱাৰ অভিযোগ সমষ্টিবাসীৰ। কেৱল নিৰ্বাচনৰ সময়ত সমষ্টিলৈ মনত পেলোৱা নৰহ দম্পতীয়ে বুধবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত  যোগদান কৰাৰ সম্ভাৱনা।

উল্লেখ যোগ্য যে ভৰত নৰহ  ২০১৬ আৰু ১০১১ চনৰ বিধানসভা নিৰ্বাচনত নৱ কুমাৰ দলেৰ হাতত শোচনীয় ভাৱে পৰাস্ত হৈছিল। সেইদৰে ৰাণী নৰহো ২০১৪ ৰ লোকসভা নিৰ্বাচনত এতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত বিশাল ব্যৱধানত পৰাস্ত হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি