• Home
  • »
  • News
  • »
  • assam
  • »
  • সেনা বাহিনীত ভৰ্তি হোৱাৰ উদ্দেশ্যে পুৱাই দৌৰৰ অনুশীলন কৰিবলৈ ওলাই আহিছিল, তাৰ পিছৰে পৰা সন্ধান নাই ৰঙিয়াৰ তাৰিফুলৰ

সেনা বাহিনীত ভৰ্তি হোৱাৰ উদ্দেশ্যে পুৱাই দৌৰৰ অনুশীলন কৰিবলৈ ওলাই আহিছিল, তাৰ পিছৰে পৰা সন্ধান নাই ৰঙিয়াৰ তাৰিফুলৰ

শনিবাৰে পুৱাৰে পৰা যুৱকজনৰ নাই কোনো সন্ধান।

শনিবাৰে পুৱাৰে পৰা যুৱকজনৰ নাই কোনো সন্ধান।

শনিবাৰে পুৱাৰে পৰা যুৱকজনৰ নাই কোনো সন্ধান।

  • Share this:
    ৰঙিয়াত প্ৰাতঃভ্ৰমণলৈ আহি যুৱক সন্ধানহীন। সেনা বাহিনীত ভৰ্তি হোৱাৰ উদ্দেশ্যে দৌৰৰ অনুশীলন কৰিবলৈ আহি নিৰুদ্দিষ্ট হৈছে ৰঙিয়াৰ বঙালীকুছিৰ তাৰিফুল ইছলাম। পৰিয়ালৰ সকলোৱে বিচাৰি ফুৰিছে তাৰিফুলক। কিন্তু শনিবাৰে পুৱাৰে পৰা যুৱকজনৰ নাই কোনো সন্ধান।

    তাৰিফুল সন্ধানহীন হোৱাৰ পিছতে চিন্তিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃৰ লগতে আত্মীয়। বিচাৰ–খোচাৰ কৰিও কোনো সন্ধান উলিয়াব নোৱাৰাত অৱশেষত ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে পৰিয়াল। এই ঘটনাক সহজভাৱে ল’ব পৰা নাই পৰিয়ালটোৱে। ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।
    Published by:Sanjay Kumar Das
    First published: