মুখ্যপৃষ্ঠা » খবৰ

» অসম

»দিন দুপৰতে ৰঙিয়া চহৰত প্ৰৱক্তাৰ ঘৰৰ পৰা দুৰ্বৃত্তই লুটি নিলে নগদ ধনসহ ৭ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ...

দিন দুপৰতে ৰঙিয়া চহৰত প্ৰৱক্তাৰ ঘৰৰ পৰা দুৰ্বৃত্তই লুটি নিলে নগদ ধনসহ ৭ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ...

News18 Assam | News18-Assam
Updated:September 20, 2021, 8:25 AM IST
দিন দুপৰতে ৰঙিয়া চহৰত প্ৰৱক্তাৰ ঘৰৰ পৰা দুৰ্বৃত্তই লুটি নিলে নগদ ধনসহ ৭ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ...
ৰঙিয়াত প্ৰৱক্তাৰ ঘৰত দিন দুপৰতে চুৰি। দুৰ্বৃত্তই লুটি নিলে নগদ ধনসহ৭ লাখ টকাৰ সোণৰ আ-অলংকাৰ । দেওবাৰে আবেলি এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ নগৰৰ ১০ নং ৱাৰ্ডৰ চিৰাখুন্দিত ।

ৰঙিয়াত প্ৰৱক্তাৰ ঘৰত দিন দুপৰতে চুৰি। দুৰ্বৃত্তই লুটি নিলে নগদ ধনসহ৭ লাখ টকাৰ সোণৰ আ-অলংকাৰ । দেওবাৰে আবেলি এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ নগৰৰ ১০ নং ৱাৰ্ডৰ চিৰাখুন্দিত ।

  • News18 Assam
  • Last Updated: September 20, 2021, 8:25 AM IST
  • Share this:
ৰঙিয়াত প্ৰৱক্তাৰ ঘৰত দিন দুপৰতে চুৰি। দুৰ্বৃত্তই লুটি নিলে নগদ ধনসহ৭ লাখ টকাৰ সোণৰ আ-অলংকাৰ । দেওবাৰে আবেলি এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ নগৰৰ ১০ নং ৱাৰ্ডৰ চিৰাখুন্দিত ।

ৰঙিয়া মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা হবিবুল হকৰ গৃহত কোনো নথকাৰ সুযোগত দুৰ্বৃত্তই লুট-পাত চলায় । প্ৰবক্তা গৰাকীয়ে দেওবাৰে আবেলিৰ ভাগত সপৰিয়ালে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল । সন্ধিয়া উভতি অহাৰ পিছত ঘৰৰ পিছফালৰ দুৱাৰৰ লগতে দুটাকৈ আলমাৰি ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে । পিছত আলমাৰিৰ পৰা সোণৰ আ-অলংকাৰ আৰু নগদ ধন ডকাইতে লুটি নিয়া বুলি নিশ্চিত হয় । দিন দুপৰতে এনেদৰে চুৰিৰ ঘটনা সংঘটিত হোৱাত প্ৰৱক্তাগৰাকী হতভম্ব হৈ পৰে । পিছত ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে ।
Published by: Kokil Sarma
First published: September 20, 2021, 8:25 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি