মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰঙিয়াত সেনা বাহিনীৰ স্বৰ্ণীম বিজয় অগ্নিশিখাক উষ্ম আদৰণি ! পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই যাত্ৰা...

ৰঙিয়াত সেনা বাহিনীৰ স্বৰ্ণীম বিজয় অগ্নিশিখাক উষ্ম আদৰণি ! পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই যাত্ৰা...

News18 Assam | News18-Assam
Updated:September 4, 2021, 7:14 PM IST
ৰঙিয়াত সেনা বাহিনীৰ স্বৰ্ণীম বিজয় অগ্নিশিখাক উষ্ম আদৰণি ! পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই যাত্ৰা...
ৰঙিয়াত সেনা বাহিনীৰ স্বৰ্ণীম বিজয় অগ্নিশিখাক উষ্ম আদৰণি । ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই স্বৰ্ণীম বিজয় অগ্নিশিখাৰ যাত্ৰা উলিওৱা হৈছে ।

ৰঙিয়াত সেনা বাহিনীৰ স্বৰ্ণীম বিজয় অগ্নিশিখাক উষ্ম আদৰণি । ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই স্বৰ্ণীম বিজয় অগ্নিশিখাৰ যাত্ৰা উলিওৱা হৈছে ।

  • Share this:
ৰঙিয়াত সেনা বাহিনীৰ স্বৰ্ণীম বিজয় অগ্নিশিখাক উষ্ম আদৰণি । ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই স্বৰ্ণীম বিজয় অগ্নিশিখাৰ যাত্ৰা উলিওৱা হৈছে ।

যোৱা বছৰ ১৬ ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা এই স্বৰ্ণীম বিজয় অগ্নিশিখাৰ যাত্ৰাৰ শুভাৰম্ভণি কৰিছিল । পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত জয়লাভ কৰা সোনালী জয়ন্তী বৰ্ষ হিচাপে সমগ্ৰ দেশতে এই অগ্নিশিখা কঢ়িয়াই নিয়া হব । শনিবাৰে সেনা বাহিনীৰ দল এটাই এই অগ্নিশিখা কঢ়িয়াই অনাৰ পিছতে শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে ৰঙিয়াৰ তুলসীবাৰীত ভাৰত মাতা কি জয় ধ্বনিৰে ৰাজপথ মুখৰিত কৰি তোলে । সেনা বাহিনীৰ লোক সকলে এই স্থানত ক্ষন্তেক সময় ৰৈ ছাত্ৰ ছাত্ৰী সকলৰ হাতে হাতে জাতীয় পতাকা প্ৰদান কৰে । ইয়াৰ পিছত স্বৰ্ণীম বিজয় অগ্নিশিখা লৈ এই দলটো বাংলাদেশলৈ ৰাওনা হ'ব বুলি মন্তব্য কৰে । উল্লেখ্য যে ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যুদ্ধত জয়লাভ কৰিছিল । এনেদৰেই সেই বছৰে পাকিস্তান বিভাজিত হৈ বাংলাদেশৰ জন্ম হৈছিল । সেই যুদ্ধ খনত ১৩ হাজাৰ পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল । সেই যুদ্ধত শ্বহীদ হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিজয় উৎসৱৰ অংশ হিচাপে এই স্বৰ্ণীম বিজয় অগ্নি শিখাক সমগ্ৰ ভাৰততে পৰিভ্ৰমণ কৰা থকা হৈছে বুলি জানিবলৈ দিয়ে সেনা বাহিনীয়ে ।
Published by: Kokil Sarma
First published: September 4, 2021, 7:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি