உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • উদ্ভাৱনী শক্তিৰ পৰিচয় দিয়া ৰঙিয়াৰ বিভাস দেৱনাথৰ নাম অন্তৰ্ভুক্ত হ'ল এছিয়া বুক অব ৰেকৰ্ডছত

    উদ্ভাৱনী শক্তিৰ পৰিচয় দিয়া ৰঙিয়াৰ বিভাস দেৱনাথৰ নাম অন্তৰ্ভুক্ত হ'ল এছিয়া বুক অব ৰেকৰ্ডছত

    অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ তথা ৰঙিয়াৰ নিবাসী বিভাস দেৱনাথলৈ 'এছিয়া বু'ক অব্ ৰেকৰ্ড' সন্মান প্ৰদান কৰা হৈছে।

    • Share this:
      অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰঙিয়াৰ প্ৰতিভাবান ছাত্ৰ বিভাস দেৱনাথে। উদ্ভাৱনী শক্তিৰ পৰিচয় দিয়া বিভাস দেৱনাথৰ নাম অন্তৰ্ভুক্ত হ'ল এছিয়া বুক অব ৰেকৰ্ডছত। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ তথা ৰঙিয়াৰ নিবাসী বিভাস দেৱনাথলৈ 'এছিয়া বু'ক অব্ ৰেকৰ্ড' সন্মান প্ৰদান কৰা হৈছে।

      শিক্ষা বিভাগৰ বিষয়া ধীৰাজ কুমাৰ নাথ আৰু ৰঙিয়া মধ্যপাণ্ডৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী দীপিকা দাসৰ পুত্ৰ বিভাসে তিনিটা ভাষাত অসমৰ লগতে অসমৰ বাহিৰৰ বাতৰি কাকতত ধাৰাবাহিকভাৱে স্তম্ভ লিখিছিল। কনিষ্ঠতম বহুভাষিক স্তম্ভ লেখক হিচাপে ছাত্রগৰাকীয়ে এছিয়ান বু'ক অব ৰেকৰ্ডছৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। লগতে 'ৱৰ্ল্ড লিটাৰেৰী ফ’ৰাম ফৰ পিচ এণ্ড হিউমেন ৰাইটছ" নামৰ সংস্থাটোৰ তৰফৰ পৰা শান্তিৰ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰঃদূত হিচাপেও সন্মান লাভ কৰে। উল্লেখযোগ্য যে ছাত্রজনে বিশেষভাৱে অসমৰ বান সমস্যাৰ ওপৰত তেওঁৰ লিখনিত গুৰুত্ব প্ৰদান কৰিছিল।
      Published by:Sanjay Kumar Das
      First published: