• Home
  • »
  • News
  • »
  • assam
  • »
  • সৰ্বভাৰতীয় পৰ্যায়ত উজলিল ৰঙিয়াৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল ৰঙিয়াৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ

ভাৰতৰ  মুঠ ৯১গৰাকী ছাত্র-ছাত্ৰী নিৰ্বাচিত হৈছে।

ভাৰতৰ  মুঠ ৯১গৰাকী ছাত্র-ছাত্ৰী নিৰ্বাচিত হৈছে।

ভাৰতৰ  মুঠ ৯১গৰাকী ছাত্র-ছাত্ৰী নিৰ্বাচিত হৈছে।

  • Share this:

    সৰ্বভাৰতীয় পৰ্যায়ত উজলিল ৰঙিয়াৰ এগৰাকী ছাত্ৰ। উত্তৰ প্ৰদেশৰ ঝান্সীত সৰ্বভাৰতীয় পৰ্যায়ত মণিকৰ্ণিকা আৰ্ট গেলাৰীয়ে অনুষ্ঠিত কৰা প্ৰদৰ্শনীত নিৰ্বাচিত হৈছে ৰঙিয়াৰ কেকেনীকুছিৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ দুখনকৈ চিত্ৰ।


    ছাত্ৰগৰাকী হৈছে ৰঙিয়া চাৰ্চ পাব্লিক স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ মৃদু মৌচম পাঠক। চিত্ৰ অংকন প্ৰদৰ্শনীত ভাৰতৰ সহস্ৰাধিক ছাত্র-ছাত্ৰীয়ে অংশ লৈছিল। প্ৰতিগৰাকী ছাত্ৰ–ছাত্ৰীয়ে  নিজৰ চিত্ৰ অংকন কৰি প্ৰেৰণ কৰিছিল উক্ত প্ৰদৰ্শনীৰ বাবে। আৰ্ট প্ৰদৰ্শনীত ভাৰতৰ  মুঠ ৯১গৰাকী ছাত্র-ছাত্ৰী নিৰ্বাচিত হৈছে ।


    ইয়াৰ ভিতৰত ৰঙিয়াৰ ১২ বছৰীয়া মৃদু মৌচম পাঠকো নিৰ্বাচিত হৈছে । ইয়াৰ পূৰ্বে অসমৰ বিভিন্ন ঠাইত চিত্ৰ প্ৰতিযোগিতাত চিত্ৰ অংকন কৰি ছাত্রগৰাকীয়ে নিজৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে। মণিকৰ্ণিকা আৰ্ট গেলাৰী কৰ্তৃপক্ষই কিছুদিন পিছতে মানপত্ৰ, বঁটা, কলম আৰু পৰিচয় পত্ৰৰে সন্মানিত কৰিব বুলি জানিব পৰা গৈছে। ছাত্ৰগৰাকীৰ এই কৃতিত্বক লৈ সমগ্ৰ ৰঙিয়াত আনন্দৰ লহৰ বৈছে।

    Published by:Gautam Barman
    First published: