ৰঙিয়া ষ্টেচনত উত্তাল প্ৰতিবাদ । ভাড়া বৃদ্ধি আৰু যাত্ৰীবাহী ৰে'ল চলোৱাৰ দাবীত ৰঙিয়াৰ বিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ ।
ৰঙিয়া ষ্টেচনত উত্তাল প্ৰতিবাদ । ভাড়া বৃদ্ধি আৰু যাত্ৰীবাহী ৰে'ল চলোৱাৰ দাবীত ৰঙিয়াৰ বিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ ।
ৰঙিয়া ষ্টেচনত উত্তাল প্ৰতিবাদ । ভাড়া বৃদ্ধি আৰু যাত্ৰীবাহী ৰে'ল চলোৱাৰ দাবীত ৰঙিয়াৰ বিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ । ৰেল ভাড়া বৃদ্ধি বন্ধ কৰক, অফ লাইন টিকটৰ ব্যৱস্থা কৰক, সকলো যাত্ৰীবাহী ৰেল চলোৱাৰ ব্যৱস্থা কৰক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম ৰে'ল যাত্ৰী সংস্থাৰ লগতে চিপিআইএম, ছাত্র সন্থাকে ধৰি কেবাটাও দল-সংগঠনৰ অৰ্ধ শতাধিক সদস্য। প্ৰতিবাদকাৰীসকলে ভাড়া হ্ৰাস কৰা আৰু অতি শীঘ্ৰে যাত্ৰীবাহী ৰে'ল চলাচলৰ ব্যৱস্থা কৰি সৰ্বসাধাৰণ ৰাইজক সুবিধা কৰি দিয়াৰ দাবী উত্থাপন কৰে । লগতে ৰে'ল ব্যক্তিগত কৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কাৰীসকলে কেন্দ্ৰীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে । জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিলে তীব্ৰ সংগ্ৰাম গঢ়ি তুলিব বুলি প্ৰতিবাদকাৰীসকলে চৰকাৰক সকীয়াই দিয়ে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|