• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াৰ এগৰাকী গায়ক হ'লগৈ নাৰ্ছাৰীৰ মালিক । Coronaৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হোৱা কণ্ঠশিল্পীয়ে উলিয়ালে উপাৰ্জনৰ পথ...

ৰঙিয়াৰ এগৰাকী গায়ক হ'লগৈ নাৰ্ছাৰীৰ মালিক । Coronaৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হোৱা কণ্ঠশিল্পীয়ে উলিয়ালে উপাৰ্জনৰ পথ...

ৰঙিয়াত জনপ্ৰিয় কণ্ঠশিল্পী হ'লগৈ নাৰ্ছাৰীৰ মালিক । ক'ৰোণাৰ বাবে আৰ্থিক সংকটত ভোগা নামনি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিকুল শইকীয়াই নিজ গৃহতে খুলি লৈছে এখন নাৰ্ছাৰী ।

  • Share this:
    ৰঙিয়াত জনপ্ৰিয় কণ্ঠশিল্পী হ'লগৈ নাৰ্ছাৰীৰ মালিক । ক'ৰোণাৰ বাবে আৰ্থিক সংকটত ভোগা নামনি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিকুল শইকীয়াই নিজ গৃহতে খুলি লৈছে এখন নাৰ্ছাৰী ।

    ক'ভিড-১৯ ৰ বাবে সাংস্কৃতিক অনুষ্ঠান বন্ধ হৈ নিবনুৱা হৈ পৰা জনপ্ৰিয় কণ্ঠশিল্পীৰ বাবে ক'ভিডেই আনি দিলে নতুন জীৱনৰ সন্ধান । মহামাৰী ক'ৰোনাৰ সংকটৰ বাবে লকডাউনৰ সময়ত বহু লোকে উপাৰ্জনৰ পথ হেৰুৱাইছে । যাৰ ফলত উপাৰ্জন বন্ধ হোৱা লোকসকলে আৰ্থিক সংকটত ভুগিব লগা হৈছে । এনে এক দুৰ্যোগৰ সময়তো নিজৰ কৰ্মক্ষেত্ৰৰ পৰা উপাৰ্জন বন্ধ হোৱা এচাম লোকে অন্য এক স্বাৱলম্বিতাৰ পথ বাচি উলিয়াবলৈ সক্ষম হৈছে । তেনে এগৰাকী যুৱক হৈছে ৰঙিয়াৰ উদীয়মান কণ্ঠশিল্পী বিকুল শ‌ইকীয়া । ক'ভিড পৃষ্ট পৰিবেশৰ বাবে দীৰ্ঘদিন ধৰি সাংস্কৃতিক কাৰ্যসূচী বন্ধ থকাত বহু শিল্পীৰ দৰে বিকুল শ‌ইকীয়াও আৰ্থিক সংকটত ভুগিব লগা হৈছে । কিয়নো শ‌ইকীয়াৰ উপাৰ্জনৰ একমাত্ৰ উপায় হৈছে সাংস্কৃতিক মঞ্চত গীত পৰিবেশন । সাংস্কৃতিক মঞ্চৰ জনপ্ৰিয় কণ্ঠশিল্পী বিকুল শ‌ইকীয়াই এনে এক সংকটৰ সময়তে নিজ গৃহতে এখন নাৰ্ছাৰী খোলে । এই নাৰ্ছাৰীখনৰ জৰিয়তে কণ্ঠশিল্পী শ‌ইকীয়াই নিজৰ লগতে আন ১০ জনকো স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে । গ্ৰীন জ'ন নামৰ এই নাৰ্ছাৰীখনে অতি কম সময়ৰ ভিতৰতে গ্ৰাহকৰ সমাদৰ লাভ কৰে ।
    Published by:Kokil Sarma
    First published: