মঙ্গলবাৰে ৰঙিয়াত অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোগান বিভাগে চলাইছে অভিযান । আলু, পিয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অসাধু চক্ৰই যাতে মূল্য বৃদ্ধি কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক কৰি দিছে ব্যৱসায়ীসকলক ।

নতুন চৰকাৰ গঠনৰ পিছতেই তৎপৰ হৈছে ৰঙিয়াৰ যোগান বিভাগ । ৰঙিয়া মহকুমাধিপতিৰ নিৰ্দেশত ৰঙিয়াত যোগান বিভাগৰ অভিযান । ক'ভিডৰ গইনা লৈ একাংশ ব্যৱসায়ীয়ে নিশাৰ ভিতৰতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰা পৰিলক্ষিত হৈছে।
ৰঙিয়াৰ ছাত্র সংগঠনে মূল্যবৃদ্ধি সন্দৰ্ভত ৰঙিয়া মহকুমাধিপতিক ইতিমধ্যে স্মাৰক পত্ৰ দিয়াৰ পিছতে কঠোৰ হৈছে মহকুমা প্ৰশাসন । মঙ্গলবাৰে ৰঙিয়া নগৰত অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোগান বিভাগে চলাইছে অভিযান । আলু, পিয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অসাধু চক্ৰই যাতে মূল্য বৃদ্ধি কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক কৰি দিছে ব্যৱসায়ীসকলক । লগতে অসাধু ব্যৱসায়ীক মূল্যবৃদ্ধি সন্দৰ্ভত সকীয়নী প্ৰদান কৰিছে । যোগান বিভাগৰ ফালৰ পৰা ধাৰ্য কৰি দিয়াতকৈ অধিক মূল্য ল'লে লোৱা হব আইনী ব্যৱস্থা ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|