মুখ্যপৃষ্ঠা »খবৰ »অসম »Covid-19ত আক্ৰান্ত ৰঙিয়াৰ যান বাহন আৰক্ষীৰ উপ পৰিদৰ্শক, সংস্পৰ্শলৈ অহা লোকক ক'ভিড পৰীক্ষা কৰাৰ আহ্বান।

Covid-19ত আক্ৰান্ত ৰঙিয়াৰ যান বাহন আৰক্ষীৰ উপ পৰিদৰ্শক, সংস্পৰ্শলৈ অহা লোকক ক'ভিড পৰীক্ষা কৰাৰ আহ্বান।

ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ৰঙিয়া থানাৰ এগৰাকী আৰক্ষী বিষয়া । ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ৰেপিড এন্টিজেন টেষ্টত আৰক্ষী বিষয়াগৰাকীৰ দেহত ধৰা পৰে ক'ভিড-১৯ ৰ অৱস্থিতি ।

ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ৰঙিয়া থানাৰ এগৰাকী আৰক্ষী বিষয়া । ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ৰেপিড এন্টিজেন টেষ্টত আৰক্ষী বিষয়াগৰাকীৰ দেহত ধৰা পৰে ক'ভিড-১৯ ৰ অৱস্থিতি ।

  • Share this:
    ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ৰঙিয়া থানাৰ এগৰাকী আৰক্ষী বিষয়া । ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ৰেপিড এন্টিজেন টেষ্টত আৰক্ষী বিষয়াগৰাকীৰ দেহত ধৰা পৰে ক'ভিড-১৯ ৰ অৱস্থিতি ।

    ক'ভিড আক্ৰান্ত আৰক্ষী বিষয়াগৰাকী হৈছে ৰঙিয়া থানাৰ যানবাহন আৰক্ষীৰ উপ-পৰিদৰ্শক বুধিৰাম মুক্তিয়াৰ । এদিন আগলৈকে কৰ্তব্য পালন কৰি আহিছিল আৰক্ষী বিষয়া গৰাকীয়ে । কৰ্তব্যৰ খাতিৰত বিভিন্নজনৰ সংস্পৰ্শত আহিছিল আৰক্ষী বিষয়া বুধিৰাম মুক্তিয়াৰ । আৰক্ষী বিষয়াগৰাকীৰ সংস্পৰ্শলৈ অহা লোকসকললৈ আহ্বান :- পৰিয়ালৰ স্বাৰ্থৰ খাতিৰত সকলোৱে চিকিৎসকৰ পৰামৰ্শ লৈ ক'ভিড টেষ্ট কৰক । উপ-পৰিদৰ্শক বুধিৰাম মুক্তিয়াৰক ইতিমধ্যে স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে হোম আইছ'লেচনত ৰখা হৈছে ।

    উল্লেখ্য যে, ৰঙিয়া থানাৰ যান বাহন আৰক্ষী বিষয়া গৰাকী ক'ভিডত আক্ৰান্ত হোৱাৰ খবৰে সংশয়ৰ সৃষ্টি কৰিছে । ৰঙিয়াত মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব মানি নচলা লোক সকলৰ বিৰুদ্ধে প্ৰশাসনে লোৱা কঠোৰ পদক্ষেপৰ সময়ত বিষয়াগৰাকীয়ে বহু লোকৰ জৰিমনা বিহিছিল । দিনে নিশাই নিজৰ কৰ্তব্য পালন কৰি থকা সময়ত ক'ভিড-১৯ত আক্ৰান্ত হৈছিল । হঠাৎ অসুস্থ হৈ পৰাত নিজৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী বিষয়া গৰাকীয়ে ততালিকে ক'ভিড টেষ্ট কৰে । ৰেপিড এন্টিজেন টেষ্টত আৰক্ষী বিষয়াগৰাকীৰ দেহত ধৰা পৰে ক'ভিড-১৯ ৰ অৱস্থিতি । ইফালে ৰঙিয়াত বৰ্তমানলৈকে কভিড-১৯ ত আক্ৰান্ত হৈ পাঁচ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্তৰ সংখ্যা ৫৫৭ লৈ বৃদ্ধি হৈছে ।

    শেহতীয়া বাতৰি