• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীৰ এয়াৰ ফ'ৰ্চ গেটৰ সমীপৰ কুঁৱৰীগাঁওত ৰঙিয়া আৰক্ষী আৰু CIDৰ অভিযান, উদ্ধাৰ কাছ

মহানগৰীৰ এয়াৰ ফ'ৰ্চ গেটৰ সমীপৰ কুঁৱৰীগাঁওত ৰঙিয়া আৰক্ষী আৰু CIDৰ অভিযান, উদ্ধাৰ কাছ

ৰঙিয়া আৰক্ষীয়ে কাঁহিকুছি আৰক্ষী চকীৰ উপস্থিতিত ভাড়াঘৰত অভিযান চলায়।

ৰঙিয়া আৰক্ষীয়ে কাঁহিকুছি আৰক্ষী চকীৰ উপস্থিতিত ভাড়াঘৰত অভিযান চলায়।

ৰঙিয়া আৰক্ষীয়ে কাঁহিকুছি আৰক্ষী চকীৰ উপস্থিতিত ভাড়াঘৰত অভিযান চলায়।

  • Share this:
মহানগৰীৰ এয়াৰ ফ'ৰ্চ গেটৰ সমীপৰ কুঁৱৰীগাঁওত আৰক্ষী আৰু চিআইডিৰ অভিযান। ৮ ছেপ্টেম্বৰত ৰঙিয়া আৰক্ষীয়ে বিলাসী বাহনত অৰ্ধশতাধিক দুষ্প্ৰাপ্য জীৱ-জন্তু জব্দ কৰা ঘটনাৰ প্ৰসংগত এই অভিযান চলোৱা হয়।

উল্লেখ্য, ৰঙিয়াত DL-10-CH-7924 আৰু DL-8-CAQ-9876 নম্বৰৰ ইন'ভা আৰু ফৰচুনাৰ গাড়ীত আৰক্ষীয়ে জব্দ কৰিছিল এই জন্তুসমূহ। গাড়ী দুখনৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছিল তামিলনাডুৰ ৰঘু এছ আৰু কাৰ্তিক এ নামৰ দুজন ব্যক্তিক। গ্ৰেপ্তাৰ হোৱা লোককেইজনে ভাড়াতীয়া হিচাপে আছিল এয়াৰ ফ'ৰ্চ গেটৰ কুঁৱৰীগাঁওত। CIDৰ দল আৰু ৰঙিয়া আৰক্ষীয়ে কাঁহিকুছি আৰক্ষী চকীৰ উপস্থিতিত ভাড়াঘৰত অভিযান চলায়।

ৰঙিয়া আৰক্ষী আৰু CID দলৰ এই অভিযানত  কুঁৱৰীগাঁওৰ ভাড়াঘৰতো উদ্ধাৰ কৰা হয় এটি কাছৰ লগতে বহুকেইটা জীৱ-জন্তু ৰখা  পিঞ্জৰা।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি