দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা। ৰঙিয়াৰ গুৰকুছিৰ দলঙৰ পাৰত কোনো দুৰ্বৃত্তই আৰিলে পাকিস্তানৰ পতাকা। পতাকাখন দেখাৰ পিছতেই স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে। লগে লগে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও স্থানীয় ৰাইজে পতাকাখন সেই স্থানতেই জ্বলাই দিয়ে ।
কোনে এই ঘটনা সংঘটিত কৰিলে এতিয়ালৈকে কোনেও গম পোৱা নাই যদিও স্থানীয় ৰাইজৰ মাজত যথেষ্ট খং আৰু ক্ষোভে বিৰাজ কৰিছে। নিৰ্বাচনৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ দুষ্ট চক্ৰই চক্ৰান্ত কৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে । অতি শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ দাবী কৰিছে স্থানীয় ৰাইজে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|