কামৰূপ-নলবাৰী সীমান্তৰ ৰঙিয়াৰ খোপনিকুছিৰ নোনা নৈত অৱস্থিত এই দলং । দলংখন পাৰ হ'বলৈ হ'লে আপুনি ভৰিব লাগিব ৩ টকাৰ পৰা ১০ টকা পৰ্যন্ত ।
কামৰূপ-নলবাৰী সীমান্তৰ ৰঙিয়াৰ খোপনিকুছিৰ নোনা নৈত অৱস্থিত এই দলং । দলংখন পাৰ হ'বলৈ হ'লে আপুনি ভৰিব লাগিব ৩ টকাৰ পৰা ১০ টকা পৰ্যন্ত ।
আপোন দেশত আপোন ৰাজ্যত দলঙৰ ওপৰেৰে যাতায়াত কৰিলে আপুনি ভৰিব লাগিব টকা । কামৰূপ-নলবাৰী সীমান্তৰ ৰঙিয়াৰ খোপনিকুছিৰ নোনা নৈত অৱস্থিত এই দলং ।
দলংখন পাৰ হ'বলৈ হ'লে আপুনি ভৰিব লাগিব ৩ টকাৰ পৰা ১০ টকা পৰ্যন্ত । আৰু যদি আপুনি টকা দিব নোৱাৰে তেন্তে নদীৰ ওপৰেৰে বিপদ সংকুল যাব লাগিব আপুনি । শুনি আচৰিত লাগিলেও এয়াই সত্য । দুয়োখন জিলাৰ প্ৰায় ২০ খন গাঁৱৰ ৰাইজে যাতায়াত কৰে এই বাহৰ দলংখনেৰে । দলংখন পকীকৰণ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । উপায় বিহীন গঞা ৰাইজে এই বাহৰ দলংখন নিৰ্মাণ কৰি উলিয়ালে । সেয়ে এতিয়া দলং পাৰ হ'বলৈ ৩ টকাৰ পৰা ১০ টকা পৰ্যন্ত ভৰিব লাগিব আপুনি ।
নিৰ্বাচনৰ সময়ত দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধিসকলে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হয় । কি কংগ্ৰেছ, কি অগপ, কি বিজেপি কোনো এটা দলৰ মন্ত্ৰী-বিধায়কে আজিলৈকে নিদিলে দলং নিৰ্মাণত গুৰুত্ব । যাৰ বাবে শিশুৰ পৰা মহিলা-বৃদ্ধলৈকে মৰণক শৰণ কৰি যাতায়াত কৰি আহিছে । যাতায়াত সমস্যাত জুৰুলা ২০ খন গাঁৱৰ ৰাইজে নোনা নৈৰ ওপৰত থকা দলংখনৰ ওপৰৰে যাতায়াত কৰে । কিন্তু বাৰিষাৰ সময়ত কোনো লোকৰ বেমাৰ আজাৰ হলে দলঙৰ অভাৱত প্ৰায় ১৫ কিলোমিটাৰ ঘুৰি এম্বুলেঞ্চলৈ লৈ গৈ ৰোগীক চিকিৎসালয়লৈ নিব লগা হয় । শীঘ্ৰে ইয়াত এখন পকী দলং নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী জনায় । অন্যথা তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|