৪ বছৰে সম্পূৰ্ণ নহ'ল এখন পকী দলং নিৰ্মাণৰ কাম, আজিও বাঁহৰ দলঙেৰে অহা-যোৱা কৰে ৰাইজে...

News18 Assam | News18-Assam
Updated:June 12, 2021, 10:45 PM IST
৪ বছৰে সম্পূৰ্ণ নহ'ল এখন পকী দলং নিৰ্মাণৰ কাম, আজিও বাঁহৰ দলঙেৰে অহা-যোৱা কৰে ৰাইজে...
ৰঙিয়াৰ শিমলুৱাত চাৰি বছৰে সম্পূৰ্ণ নহল এখন পকী দলং নিৰ্মাণৰ কাম । যাৰ বাবে ৰাইজে এখন দুৰ্বল বাঁহৰ দলঙেৰে বিপজ্জনকভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে ।

ৰঙিয়াৰ শিমলুৱাত চাৰি বছৰে সম্পূৰ্ণ নহল এখন পকী দলং নিৰ্মাণৰ কাম । যাৰ বাবে ৰাইজে এখন দুৰ্বল বাঁহৰ দলঙেৰে বিপজ্জনকভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে ।

  • Share this:
ৰঙিয়াৰ শিমলুৱাত চাৰি বছৰে সম্পূৰ্ণ নহল এখন পকী দলং নিৰ্মাণৰ কাম । যাৰ বাবে ৰাইজে এখন দুৰ্বল বাঁহৰ দলঙেৰে বিপজ্জনকভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে ।

দীৰ্ঘদিন ধৰি মানকি জানৰ ওপৰত থকা পকী দলংখনৰ নিৰ্মাণৰ কাম বন্ধ হৈ থকাত ক্ষুব্ধ হৈ পৰিছে গঞা ৰাইজ । ইফালে জৰাজীৰ্ণ বাঁহৰ দলংখনেৰে ৰাইজে অতি বিপদসংকুলভাৱে অহা-যোৱা কৰি দুৰ্ভোগ ভুগিব লগা হৈছে । এটা প্ৰতিষ্ঠানে ২০১৭ বৰ্ষত এই পকী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । কিন্তু আধা অংশ কাম কৰাৰ পিছত বহু দিন ধৰি নিৰ্মাণৰ কাম বন্ধ হৈ আছে । বিভাগীয় নিয়ম অনুসৰি দুবছৰৰ ভিতৰত প্ৰতিষ্ঠানটোৱে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব লাগিছিল । কিন্তু চাৰি বছৰ পিছতো দলংখন সম্পূৰ্ণ হৈ উঠা নাই । যাৰ বাবে ৰাইজে এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপজ্জনকভাৱে যাতায়ত কৰিব লগা হৈছে । ৰঙিয়া আৰু হাজো সমষ্টিৰ বহু কেইখন গাঁৱৰ লোকে অহা-যোৱা কৰা বিধ্বস্ত এই বাঁহৰ দলংখনেৰে যাতায়ত কৰা বাবে বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । প্ৰতিষ্ঠানটোৰ এনে দায়িত্বহীনতা আৰু হেমাহিৰ বাবে ৰাইজ অতিষ্ঠ হৈ পৰিছে । অতি শীঘ্ৰে পকী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ অঞ্চলবাসীয়ে দাবী জনাইছে ।
Published by: Kokil Sarma
First published: June 12, 2021, 10:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি