• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত বিগত ৩দিনে নাই ক'ভিড ভেকচিন, শুকুৰবাৰে চহৰখনত ২৮ জনৰ দেহত ধৰা পৰিল ক'ভিড-১৯ ৰ অৱস্থিতি

ৰঙিয়াত বিগত ৩দিনে নাই ক'ভিড ভেকচিন, শুকুৰবাৰে চহৰখনত ২৮ জনৰ দেহত ধৰা পৰিল ক'ভিড-১৯ ৰ অৱস্থিতি

বহু লোকে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ক'ৰোনাৰ প্ৰতিষেধক ল'বলৈ গৈ উভতিবলৈ বাধ্য হৈছে । যোৱা তিনিদিনে নাই চিকিৎসালয়খনত ক'ভিড ভেকচিন । চিকিৎসালয়খনত ৰেপিড এন্টিজেন টেষ্ট কৰাৰ বাবে নাই পৰ্যাপ্ত কীট।

  • Share this:
    ৰঙিয়াত এদিনতে ২৮ জনৰ দেহত ধৰা পৰিল ক'ভিড-১৯ ৰ অৱস্থিতি । ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ৰেপিড এন্টিজেন টেষ্টত ২৮ জনৰ দেহত ধৰা পৰে ক'ভিড-১৯ ৰ অৱস্থিতি । ক'ভিড আক্ৰান্তসকলৰ ২৭ জনক স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে হোম আইছ'লেচনত ৰখা হৈছে আৰু এজনক শিঙিমাৰীৰ ক'ভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

    ৰঙিয়াত বৰ্তমানলৈকে ক'ভিড আক্ৰান্তৰ সংখ্যা ৩০৫ অতিক্ৰম কৰিলে । বহু লোকে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ক'ৰোনাৰ প্ৰতিষেধক ল'বলৈ গৈ ভেকচিন অবিহনে উভতিবলৈ বাধ্য হৈছে । যোৱা তিনিদিনে নাই চিকিৎসালয়খনত ক'ভিড ভেকচিন । স্বাস্থ্য বিভাগৰ ফালৰ পৰা পৰ্যাপ্ত ক'ভিড ভেকচিন যোগান নধৰাৰ ফলতে ব্যাপক নাটনি হৈছে ক'ভিড ভেকচিন । ইফালে চিকিৎসালয়খনত ৰেপিড এন্টিজেন টেষ্ট কৰাৰ বাবে নাই পৰ্যাপ্ত কীট । ঘন্টা ঘন্টা অপেক্ষাৰ অন্ততঃ অৱশেষত চিকিৎসালয়ত যোগান ধৰা কীট আহি পালে । তাৰ পিছতে ২৩১ গৰাকী লোকৰ ৰেপিড এন্টিজেন টেষ্ট কৰা হ'ল । তাৰ ভিতৰত ২৮ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিল কভিড-১৯ ৰ অৱস্থিতি।
    Published by:Kokil Sarma
    First published: