ৰঙিয়া আৰক্ষীয়ে মাস্ক নিপিন্ধা সকলৰ বিৰুদ্ধে লৈছে কঠোৰ পদক্ষেপ । মাৰাত্মক ক'ৰোনা মহামাৰীয়ে তীব্ৰৰূপ ধাৰণ কৰাৰ সময়তে একাংশ অসচেতন ব্যক্তি সৰ্বসাধাৰণৰ বাবে বিপদ স্বৰূপ হৈ পৰিছে ।
এনে বহুলোক আছে যিয়ে বিভিন্ন অজুহাত দেখুৱাই মাস্ক পৰিধান নকৰাকৈ ওলাই আহে । তেনে লোকসকলৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীয়ে কঠোৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে । ৰঙিয়া চহৰৰ হৰদত্ত বীৰদত্ত ভৱনৰ সমীপত আৰক্ষীয়ে মাস্ক পৰিধান নকৰা ব্যক্তি সকলক ১ হাজাৰ টকাকৈ জৰিমণা বিহিছে । অনাগত দিনত নিয়ম নমনাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।
Published by: Kokil Sarma
FIRST PUBLISHED : May 13, 2021, 17:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।