ৰঙিয়াত Covaxinৰ নাটনি, ভেকচিনৰ দ্বিতীয় পালি ল'বলৈ আহি ভেকচিন নাপালে ৰাইজে...

News18 Assam | News18-Assam
Updated:June 12, 2021, 11:56 PM IST
ৰঙিয়াত Covaxinৰ নাটনি, ভেকচিনৰ দ্বিতীয় পালি ল'বলৈ আহি ভেকচিন নাপালে ৰাইজে...
ৰঙিয়াত কভিভ-১৯ ৰ ভেকচিন Covaxinৰ নাটনি । ৰঙিয়া স্বাস্থ্য খণ্ডত যোৱা এমাহে নাই ক'ভিড প্ৰতিষেধক Covaxinৰ দ্বিতীয় পালি । শুকুৰবাৰৰ দিনটোত এদিনৰ বাবে উপলব্ধ হৈছিল Covaxinৰ দ্বিতীয় পালি ।

ৰঙিয়াত কভিভ-১৯ ৰ ভেকচিন Covaxinৰ নাটনি । ৰঙিয়া স্বাস্থ্য খণ্ডত যোৱা এমাহে নাই ক'ভিড প্ৰতিষেধক Covaxinৰ দ্বিতীয় পালি । শুকুৰবাৰৰ দিনটোত এদিনৰ বাবে উপলব্ধ হৈছিল Covaxinৰ দ্বিতীয় পালি ।

  • Share this:
ৰঙিয়াত কভিভ-১৯ ৰ ভেকচিন Covaxinৰ নাটনি । ৰঙিয়া স্বাস্থ্য খণ্ডত যোৱা এমাহে নাই কভিড প্ৰতিষেধকৰ Covaxinৰ দ্বিতীয় পালি । শুকুৰবাৰৰ দিনটোত এদিনৰ বাবে উপলব্ধ হৈছিল Covaxinৰ দ্বিতীয় পালি । তাৰ পিছত পুনৰ নাটনি হৈছে কোভাক্সিনৰ দ্বিতীয় পালিৰ । যাৰবাবে হাহাকাৰ লাগিছে প্ৰথম ভেকচিন গ্ৰহণ কৰা লোকসকলৰ ।

ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয় চৌহদত থকা ভেকচিন কেন্দ্ৰত ৰাতিপুৱা ৬ বজাৰ পৰা শ শ লোকে কোভাক্সিন গ্ৰহণ কৰিবলৈ অপেক্ষা কৰিছে । কিন্তু নাই ভেকচিন কেন্দ্ৰত নাই কোভাক্সিনৰ দ্বিতীয় পালি । কৰো'না প্ৰতিষেধকৰ কোভাক্সিনৰ প্ৰথম পালি গ্ৰহণ কৰা লোকসকলৰ দ্বিতীয় পালিৰ ভেকচিনটো স্বাস্থ্য বিভাগৰ পৰা যোগান নধৰাত সময় উকলি যোৱাৰ উপক্ৰম হৈছে । উল্লেখ্য যে ৰাজ্যত শেহতীয়াভাৱে ক'ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও ৰঙিয়াত ক'ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে । ৰঙিয়াত বৰ্তমানলৈকে কভিড-১৯ ত আক্ৰান্ত হৈ ২৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্তৰ সংখ্যা ১২৫৮ গৰাকী অতিক্ৰম কৰিছে । ক'ভিড-১৯ নিয়ন্ত্ৰণৰ বাবে ৰঙিয়াত পৰ্যাপ্ত কৰো'না প্ৰতিষেধক যোগান ধৰাৰ আহ্বান জনাইছে সচেতন মহলে ।
Published by: Kokil Sarma
First published: June 12, 2021, 11:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি